spot_img
26.9 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকপ্ৰিয় মাজুলীলৈ পৰিমিতাৰ শেষ যাত্ৰা : কি লিখিছিল ফেচবুক পোষ্টত?

প্ৰিয় মাজুলীলৈ পৰিমিতাৰ শেষ যাত্ৰা : কি লিখিছিল ফেচবুক পোষ্টত?

ডিজিটেল ডেস্ক : ‘মাজুলী মোৰ অতি প্ৰিয় ঠাই। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে ঠাইখনৰ নাম থকাৰ লগতে ইয়াৰ মানুহবোৰৰ মনবোৰো যথেষ্ট বহল আৰু কৃত্ৰিমতাবৰ্জিত। চহৰৰ উশৃংখল হুলস্থুলীয়া পৰিৱেশৰ পয়োভৰৰ বিপৰীতে এক শান্ত নিৰিৱিলি পৰিৱেশেৰে আবৃত মৰমৰ মাজুলীখন। ভগৱানক অশেষ ধন্যবাদ মোৰ কৰ্মভূমিস্বৰূপে মাজুলীত থকাৰ সৌভাগ্যকণ দিয়াৰ বাবে।’ এইটোৱেই আছিল পৰিমিতা দাসৰ শেহতীয়া এটা ফেচবুক পোষ্ট, য’ত তেওঁ মাজুলীক অন্তৰৰ নিভৃত কোণৰ পৰা পৰা ভালপোৱাৰ কথা প্ৰকাশ কৰিছিল। মাজুলীক ভালপোৱা পৰিমিতাৰ বাবে যেন কালি সেই ‘মা কমলা’ ফেৰীখনে কাল অমানিশা নমাই আনিলে। মাত্ৰ তিনি মিনিটৰ সময়ৰ ব্যৱধানত পৰিমিতাৰ দৰে আন বহুজনলোকৰ সপোন ক্ষন্তেকতে মৰহি গ’ল।

প্ৰিয় মাজুলীলৈ যোৱাৰ বাটত চিৰদিনলৈ হেৰাই গ’ল পৰিমিতা দাস। অত্যান্ত মেধাসম্পন্ন পৰিমিতাই ২০১০ বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যামিক সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০১২ বৰ্ষত পুনৰ কটনতে স্নাতক ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সৰুৰে পৰা অধ্যাপিকা হোৱাৰ যি মন পুহি ৰাখিছিল তাকো পৰিমিতাই কঠোৰ অধ্যৱসায় ফলত সম্ভৱ কৰি তুলিছিল আৰু মাজুলীৰ ‘ৰঙাচাহী মহাবিদ্যালয়’ত মাত্ৰ ৭ মাহৰ পূৰ্বে সহকাৰী অধ্যাপিকা পদত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।


পৰিমিতা আছিল অত্যন্ত অমায়িক আৰু সহজ-সাধাৰণ প্ৰকৃতিৰ। পৰিমিতাৰ মুখত ভাহি থকা সেই অকৃত্ৰিম হাঁহিটোৰ বাবে তেওঁ বন্ধু-সহপাঠীৰ মাজতো সদায়েই প্ৰিয় আছিল। গুৱাহাটীৰ দৰে এখন মহানগৰত জন্মগ্ৰহণ কৰা সত্ত্বেও পৰিমিতাই যেন গাঁৱৰ ধূলি-বালিৰ লগতে একাত্ম হৈ জীৱনটো উদযাপন কৰিব বিচাৰিছিল। মাজুলীৰ শান্ত মাজুলীয়ে হাত-বাউলি দি মাতিছিল পৰিমিতাক। পৰিতাপৰ কথা যে, মাজুলীলৈ যোৱাৰ বাটতে এটা সম্ভাৱনা অকালতে হেৰাই গ’ল। পৰিমিতাক আকস্মিকভাৱে হেৰুৱাই তেওঁৰ সহপাঠী বন্ধুবৰ্গ তথা তেওঁৰ শুভাকাংক্ষীসকল বাকৰুদ্ধ হৈ পৰিছে। ছ’চিয়েল মিডিয়া পৰিমিতাৰ প্ৰতি শোকবাণী আৰু বেদনাপৰ আৰ্তিৰে ভৰি পৰিছে। সকলোৱে কামনা কৰিছে পৰিমিতাৰ দৰে দুৰ্ভগ্যই কাকো পুনৰ আকোঁৱালি নলওক।


উল্লেখ্য যে, ফেচবুক পোষ্টতে পৰিমিতাই নিজৰ সাফল্যৰ খতিয়ান দি লিখিছিল যে, ‘অৱশেষত আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে সহকাৰী অধ্যাপিকাৰ পদত যোগদান কৰোঁ। মোৰ এই দীঘলীয়া যাত্ৰাত আৰম্ভণিৰে পৰা মোৰ প্ৰতিটো খোজতে সহায় আৰু মোক উৎসাহ যোগাই অহা ব্যক্তি দুজনেই হ’ল মোৰ জীৱনৰ অবিচ্ছেদ্য অংগস্বৰূপ মোৰ মা আৰু দেউতা। তেওঁলোক দুয়োজনে মোৰ কাৰণে কৰা অশেষ কষ্ট আৰু ত্যাগৰ ধাৰ মই কোনোদিন শুজিব নোৱাৰোঁ সেইটো সচাঁ, কিন্তু তেওঁলোক দুয়োজনকেই সদায় সুখত ৰাখি দুয়োজনৰে মুখত হাঁহি বিৰিঙাই ৰাখিবলৈ মোৰ ফালৰ পৰা কোনোদিন চেষ্টাৰ ত্ৰুটি নকৰোঁ। মা-দেউতাৰ লগতে মোৰ ভণ্টি, যিয়ে মই জীৱনযুঁজত যুঁজি যুঁজি ভাগৰি পৰা মুহূৰ্ততো মোক পুনৰ জীৱনত যুঁজি যোৱাৰ উৎসাহ আৰু সাহস যোগাইছিল, লগতে বন্ধুবৰ্গ আৰু মোৰ সকলো শুভাকাংক্ষীলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যাচিলোঁ, কিয়নো তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনা মোৰ সদায়েই কাম্য।’ কিন্তু এই সম্ভৱনাপূৰ্ণ যাত্ৰা হৈ থাকিল আধৰুৱা! প্ৰিয় মাজুলী অভিমুখী যাত্ৰাই শেষ যাত্ৰা হ’ল পৰিমিতাৰ বাবে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26.9 ° C
26.9 °
26.9 °
86 %
0.8kmh
100 %
Sun
27 °
Mon
34 °
Tue
31 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular