উদুলি-মুদুলি লুইতপাৰৰ বৃন্দাবন; ৰাসোৎসৱৰ প্ৰস্তুতিয়ে পাহৰাইছে দুখ-ভাগৰ

0
468
ৰাসোৎসৱৰ

মাজুলীঃ মাজুলীৰ বাবে শৰৎ বুলিলেই যেন ৰাস-পালনাম। তাতে আজি লক্ষ্মী পূজা, কাতি মাহৰ পূৰ্ণিমা তিথি। সমগ্ৰ মাজুলীৰ সত্ৰসমূহৰ লগতে অৰ্ধ-শতাধিক মঞ্চত আজি লক্ষ্মী পূজাৰ এই পৱিত্ৰ ক্ষণতে পৰম্পৰাগতভাৱে পৰৱৰ্তী ৰাসপূৰ্ণিমা তিথিত অনুষ্ঠিত হ’ব লগা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা তথা ‘নাট মেলা পৰ্ব’ মাংগলিক বিধি অনুসৰি অনুষ্ঠিত কৰা হয়। শাৰদীয় মুখ্য উৎসৱ হিচাপে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে মাজুলীত।

আজিৰেপৰা অনাগত এমাহৰ বাবে সমগ্ৰ মাজুলী পৰ্যৱসিত হ’ব লুইতপাৰৰ বৃন্দাবনলৈ। গীত-মাতে, খোলে-তালে চলি থাকিব কৃষ্ণলীলা মহাৰাসৰ আখৰা। শৰতৰ চন্দ্ৰাৱলী নিশা হ’ব অতি বিতোপন। বাঁহীৰ মাত শুনি ঘৰৰ কাম-বন একাষৰীয়া কৰি সকলো ঢপলিয়াই আহিব ৰাসৰ আখৰালৈ। দুপৰ নিশালৈকে চলিব আখৰা। মাজুলী গড়মূৰ সত্ৰৰ বংশীগোপাল প্ৰেক্ষাগৃহতো নাটমেলা পৰ্ব আৰম্ভ হৈছে। আজিৰেপৰা এশ বছৰ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু আৰ্দশ আগত ৰাখি অৰ্ধ-শতাধিক মঞ্চ ৰাস উদযাপন কৰে। ব্যস্ততা বাঢ়িব ৰাসৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ! ব্যস্ততাৰ শেষত ১৮, ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাসোৎসৱ।

২৬ শতাধিক শিল্পী কলা-কুশলীৰ লগতে পৰোক্ষ পত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ’ব ৰাসত। ঐতিহাসিক আউনীআটী দক্ষিণপাট, চামগুৰি সত্ৰই ৰাস পূজা কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব। উত্তৰ কমলাবাৰী সত্ৰয়ো মাজুলীলৈ অহা সকলো ভক্ত-দৰ্শনাৰ্থীৰ বাবে থকা-খোৱাৰো সুব্যৱস্থা কৰি আহিছে। অসম চৰকাৰৰ ক’ভিডৰ নিয়ম কঠোৰ নহ’লে উদুলি-মুদুলি হৈ পৰিব মাজুলী। আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব মাজুলীৰ চৌদিশ।