spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকসন্ধানহীন মাজুলীৰ সন্দীপৰ মৃতদেহ উদ্ধাৰ নংপোত : আটক প্ৰেমিকা

সন্ধানহীন মাজুলীৰ সন্দীপৰ মৃতদেহ উদ্ধাৰ নংপোত : আটক প্ৰেমিকা

গুৱাহাটী : এটাৰ পাছত এটাকৈ হত্যাকাণ্ডই কপাঁইছে গুৱাহাটী৷ এটা হত্যাকাণ্ডৰ ঘটনা মাৰ নৌ যাওতেই পুনৰ এজন যুৱকৰ হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰৰ পৰা সন্ধানহীন হৈ থকা যুৱক সন্দীপ ভূঞাৰ মৃতদেহ মেঘালয়ত উদ্ধাৰ হোৱাৰ পাছতে শোকাকুল হৈ পৰিছে মাজুলীৰ ঘৰখন৷

কৰ্মসূত্ৰে মহানগৰীৰ সৰুমটৰীয়াত ভাড়াতীয়া হিচাপে থকা সন্দীপ মাজুলীৰ গোপালপুৰৰ যুৱক। যোৱা ২০ নৱেম্বৰৰ পৰা উলুবাৰী কাৰ্যালয়ৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন। সন্দীপৰ আত্মীয়ই পল্টনবজাৰ থানাত সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰিছিল। বুধবাৰে মেঘালয়ৰ নংপোত উদ্ধাৰ মৃতদেহ উদ্ধাৰৰ পাছতে পল্টন বজাৰ থানাত সোধ-পোছৰ বাবে মাতি অনা হৈছে কেইবাজনো ব্যক্তিক।

ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নংপো আৰক্ষী থানাত ১৬০/২০২১ IPC ৩০২ ধাৰাত ৰুজু হৈছে গোচৰ। উলুবাৰীত বাজাজ ফাইনেন্সৰ কৰ্মচাৰী আছিল সন্দীপ ভূঞা।

উল্লেখ্য যে, ২০ নবেম্বৰৰ দিনা যুৱকজনে এজন ব্যক্তিৰ পৰা কিস্তি লৈছিল। যুৱকজন যথেষ্ট মানসিক চাপত থকা বুলিও জানিব দিয়ে কিস্তি দিয়া ব্যক্তিজনে। ইফালে সন্দীপৰ হত্যাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আটক কৰিছে খাছীয়া প্রেমিকাগৰাকীক। এই হত্যাকাণ্ড প্ৰেমজনিত কাৰণতো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ শীৰ্ষ আৰক্ষী বিষয়া জিপিসিঙৰ নিৰ্দেশত এই হত্যাকাণ্ডৰ তদন্ত জোৰদাৰ কৰিছে আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular