spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeমনোৰঞ্জনপ্ৰেম বিচ্ছেদ নহয়; মালাইকাৰ হট ফটো’শ্বুটেহে এতিয়া চকু ছাট মৰাইছে নেটিজেনৰ...

প্ৰেম বিচ্ছেদ নহয়; মালাইকাৰ হট ফটো’শ্বুটেহে এতিয়া চকু ছাট মৰাইছে নেটিজেনৰ…

ডিজিটেল ডেস্কঃ বিয়া নহয় বলীউডত এইবাৰ প্ৰেম বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মালাইকাৰ অ’ৰোৰা-অৰ্জুন কাপুৰৰ বিচ্ছেদৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে বলীউডত। এই খবৰৰ পাছতে হতবাক হৈ পৰিছে অনুৰাগীসকল। কেৱল সেয়াই নহয়, আৱেগিক মালাইকা সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও প্ৰকাশ পাইছে।

নীৰৱে, নিজানে অকলশৰে দিন অতিবাহিত কৰিছে মালাইকাই। বিগত বৰ্ষৰ শেষৰ ফালে বিকি কৌশল-কেটৰিনা কাঈফৰ পাছত মালাইকা-অৰ্জুনৰ বিবাহৰো ছেহনাইৰ গুঞ্জন উঠিছিল। অলপতে,মালদ্বীপ ভ্ৰমণলৈ গৈছিল দুয়ো। দুয়োজন তাৰকাৰ ইনষ্টাগ্ৰাম ফটো আৰু ভিডিঅ’ৰে ভৰি পৰিছিল।এটি সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰেমৰ বিষয়েও মুকলিকৈ প্ৰকাশ কৰিছিল।

সৰ্বভাৰতীয় এটি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ‘মালাইকা-অৰ্জুনৰ ৪বছৰীয়া সম্পৰ্কত এতিয়া ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে। বিগত ৪দিন ধৰি ঘৰৰ বাহিৰলৈ ওলোৱা নাই মালাইকাই। আশংকা অনুসৰি, বিচ্ছেদৰ বাবে মানসিকভাৱে ভাগি পৰিছে মালাইকা। অৰ্জুনেও মালাইকাৰ কাষলৈ যোৱা নাই।

মালাইকাৰ

বিচ্ছেদৰ উৰাবাতৰিৰ মাজত মালাইকাই হট ফটোশ্বুটে এতিয়া সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে৷ নেটিজেনসকলক এতিয়া মালাইকাৰ সোণালী ৰঙৰ চকু ছাট মৰা পোছাকে দৃষ্টি আকৰ্ষণ কৰিছে৷ মালাইকাৰ এতিয়া প্ৰায় পঞ্চাশ বছৰ হৈছে।

কিন্তু তেওঁৰ ফিটনেছ এতিয়াও সাইলাখ ২০-২৫ যুৱতীৰ নিছিনা৷ ফটো’শ্বুটত মালাইকাৰ চুটি পোছাকৰ সৈতে সেউজীয়া নিয়ন ৰঙৰ পাম্প চুট পিন্ধি আছে। তেওঁক এই পোছাকযোৰে যেন পুনৰ চিৰযৌৱন কৰি তুলিলে তুলিলে বুলি নেটিজেনসকলে ক’ৱ খোজে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular