মালদ্বীপলৈ ভাৰতৰ ৫০০ নিযুত ডলাৰ : বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰো পদক্ষেপ

নতুন দিল্লী : চুবুৰীয়া ৰাষ্ট্ৰ মালদ্বীপৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। দেশখনৰ এক বৃহৎ প্ৰকল্প ৰূপায়নৰ বাবে ভাৰতে ৫০০ নিযুত ডলাৰ প্ৰদান কৰিব মালদ্বীপক। ইয়াৰে ৪০০ নিযুত ডলাৰ ঋণ হিচাপে আৰু ১০০ নিযুত ডলাৰ অনুদান হিচাপে আগবঢ়াব ভাৰতে। দেশখনৰ এক বৃহৎ সংযোগীকৰণ প্ৰকল্পৰ বাবে এই পুঁজি প্ৰদান কৰিব ভাৰত।

আৰু পঢ়িব পাৰিব: ফাৰ্মাচীলৈ যোৱা যুৱকক সুৰামত্ত যুৱতীৰ আক্ৰমণ! কাঢ়িলে মোৱাইল

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী এছ জয়শংকৰে এই বিষয়ে দেশখনৰ বৈদিশিক মন্ত্ৰী আব্দুল্লা ছাহিদৰ সৈতে দীঘলীয়া আলোচনাৰ পাছত বৃহস্পতিবাৰে এই বিষয়ে ঘোষণা কৰে। ৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘গ্ৰেটাৰ মালে কানেক্টিভিটী প্ৰকল্প’ (জিএমচিপি) হ’ব দেশখনৰ সৰ্ববৃহৎ আন্তঃগাঠনিমূলক প্ৰকল্প।

ইয়াৰ জৰিয়তে দেশখনৰ মালে দ্বীপৰ সৈতে ৱিলিংগিলী, দুলহিফাহু আৰু থিলাফুছীক সংলগ্ন কৰা হ’ব। উল্লেখ্য যে, জিএমচিপি মালদ্বীপৰ শাসকীয় দল এমডিপি-ৰ এক বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। এই প্ৰতিশ্ৰুতি পালনত সহযোগ বিচাৰি দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতে ভাৰতক অনুৰোধ জনাইছিল।

আৰু পঢ়িব পাৰিব: আন এক কৃতিত্বৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

বৃহস্পতিবাৰে ভাৰতে সহযোগিতাৰ কথা ঘোষণা কৰিলে আনুষ্ঠানিকভাৱে। কেৱল এয়াই নহয়, দেশখনৰ সৈতে ভাৰতে কাৰ্গো ফেৰীসেৱা আৰম্ভ কৰাৰ জৰিয়তে বাণিজ্য আৰু ব্যৱসায়িক সম্পৰ্ক বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও জয়শংকৰে প্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES