spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeৰাষ্ট্ৰীয়বংগৰ মমতাই মহিষমৰ্দিনী! পূজামণ্ডপত হুইল চেয়াৰত দুৰ্গাৰূপী মমতা...

বংগৰ মমতাই মহিষমৰ্দিনী! পূজামণ্ডপত হুইল চেয়াৰত দুৰ্গাৰূপী মমতা…

ডিজিটেল ডেস্কঃ মমতাৰ বংগত নাভুত-নাশ্ৰুত ঘটনা। মা দুৰ্গাৰ স্থান ল’লে খুদ মুখ্যমন্ত্ৰীয়ে। প্ৰতীকী অৰ্থত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দশভূজাৰ স্থান লৈছে। মা দুৰ্গাৰ সৈতে চকুত পৰা নাই লক্ষ্মী-সৰস্বতী-কাৰ্তিক কিম্বা গণেশক। আনকি দেৱীৰ বাহন সিংহকো দু্ৰ্গাৰ ওচৰত দেখা পোৱা নাই। মমতাৰ প্ৰতিমূৰ্তিৰ কাষত আৰু দুটা মূৰ্তি। কন্যাশ্ৰী, যুৱশ্ৰী বা শিক্ষাশ্ৰীৰ দৰে কেইবাটাও চৰকাৰী আঁচনিৰ প্লে’ কাৰ্ড হাতত লৈ দশভূজাৰূপী মমতা। মালদাৰ হৰিশ্চন্দ্ৰপুৰত স্থানীয় লোকসকলে এনে এক অভিনৱ থীম লৈ পালন কৰিছে দুৰ্গোত্‍সৱ।

তৃণমূল কৰ্মী আৰু সমৰ্থক সকলে মমতাক দশভূজাৰ ৰূপত পূজা কৰাৰ উপৰিও, সমগ্ৰ পূজা মণ্ডপত তেওঁৰ বিভিন্ন ৰূপৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। ফুটবল আকৃতিৰ পূজামণ্ডপত হুইল চেয়াৰত বহি আছে মমতা। আছে ‘ত্ৰিপুৰায় খেলা হবে’ৰ বাৰ্তাও। উল্লেখ্য যে, তৃণমূলৰ জিলা সাধাৰণ সম্পাদক বুলবুল খানৰ নেতৃত্বত গণেশপূজাৰ সময়তো অভিনৱ আয়োজন কৰা হৈছিল। সেই পূজাৰ মণ্ডপতো গণেশক কোলাত লৈ থকা অৱস্থাত মমতাক দুৰ্গাৰ ৰূপ দিয়া হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি তিক্ত বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা গৈছিল।

এইবাৰ দুৰ্গাপূজাতো মমতা বন্দনাত মুখৰ বুলবুল। তেওঁ কয়, ‘কৰ’না মহামাৰীৰ সময়ত বংগৰ লোকসকলে কষ্টত ভুগিবলগীয়া হোৱা নাছিল মমতাৰ বাবেই। ৰেচনত বিনামূলীয়া খাদ্য সামগ্ৰী হওঁক বা কন্যাশ্ৰীকে ধৰি বিভিন্ন জনমুখী আঁচনিই হওঁক, সাধাৰণ নাগৰিকৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে বংগৰ মমতাই। পশ্চিম বংগৰ খেল শেষ হৈছে। এইবাৰ আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমাৰ মুখ্যমন্ত্ৰীক বিচাৰিছো। যাতে দেশৰ প্ৰতিজন নাগৰিকে এই আঁচনিবোৰৰ জৰিয়তে লাভান্বিত হ’ব পাৰে। মমতা বেনাৰ্জী আমাৰ পূজা মণ্ডপত দশভূজাৰ ৰূপত আছে। একে সময়তে কন্যাশ্ৰী, ৰূপশ্ৰী, লক্ষ্মীৰ ভাণ্ডাৰ, যুৱশ্ৰী, খাদ্য সাথী আদি প্ৰকল্পৰ ওপৰতো আলোকপাত কৰা হৈছে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular