spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিক‘তোমালোকক দেখি মোৰ উত্তেজনা বাঢ়িছে...’ যুৱতীক অশালীন মন্তব্য কৰি ৰঙাঘৰত জিতু,...

‘তোমালোকক দেখি মোৰ উত্তেজনা বাঢ়িছে…’ যুৱতীক অশালীন মন্তব্য কৰি ৰঙাঘৰত জিতু, যুৱতীৰো চৰ-গোৰ

ডিজিটেল ডেস্ক: প্ৰথমে আহে চৰিত্ৰৰ গাঁঠি অলপ সোলোক-ঢোলোক হোৱা লোক, তাৰ পাছত আহে গাঁঠি খোল খোৱা লম্পট আৰু তাৰ পাছতহে যেন আহে এওঁলোক! লজ্জা, সংস্কাৰ, চৰিত্ৰ নামৰ ‘ছেপ্টাৰ’টোৱেই নাই যাৰ জীৱনত।

এইবাৰ এনে এজন চৰিত্ৰহীন লোকেই দুই ভগ্নীক উদ্দেশ্যি অশালীন মন্তব্য কৰি খালে লপা-থপা। খালে ৰঙা ঘৰৰো বিনামূলীয়া ভাত। দুই ভগ্নীক উদ্দেশ্যি অশ্লীল ইংগিত দি এইজন চৰিত্ৰহীন লোকে কৰিছিল অতি অশালীন আৰু অশ্লীল মন্তব্য, ‘তোমালোক দুয়োকে দেখি মোৰ উত্তেজনা বাঢ়িছে…।’ এনে অশালীন আৰু চৰম অপমানজনক মন্তব্য কৰি দুই যুৱতীৰ লপা-থকা খোৱাৰ লগতে ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল জিতু তামুলী নামৰ লোকজন।


আমগুৰি চহৰৰ বজাৰৰ মাজত দিনদুপৰতে এই ঘটনা সংঘটিত হৈছে। দুই যুৱতীক উদ্দেশ্যি এনে মন্তব্য কৰাৰ লগতে তেওঁলোকৰ দেহৰ স্পৰ্শকাতৰ অংগক লৈয়ো অশ্ৰাব্য মন্তব্য কৰিছিল লোকজনে। তাৰ পাছতে ‘দেৱী চামুণ্ডী’ৰ মূৰ্তি ধৰে যুৱতী দুগৰাকীয়ে। লোকজনক লপা-থপা দি আৰক্ষী থানালৈ চোঁচৰাই নিয়ে দুই যুৱতীয়ে। আৰক্ষী বিষয়া নাৰায়ণ বড়োৰ তৎপৰতাত আটক কৰা হয় অভিযুক্তক। ভুক্তভোগী যুৱতী দুগৰাকীৰ এগৰাকী অভিনেত্ৰী তথা সংবাদকৰ্মী বুলি জানিব পৰা গৈছে। তেওঁ ভগ্নী আৰু পৰিয়ালৰ আন লোকৰ সৈতে বজাৰ কৰি থাকোঁতে এই অবাঞ্চিত আৰু লজ্জাজনক ঘটনা সংঘটিত হয়। অভিযুক্ত জিতু তামুলী আমগুৰি জোৰাবাৰী কাণছোৱা গাঁৱৰ বুলি জানিব পৰা গৈছে। দুগৰাকীকৈ পত্নী থকা জিতু দুটি সন্তানৰ পিতৃও। যুৱতীৰ এজাহাৰৰ ভিত্তিত জিতুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ইতিমধ্যে অভিযুক্ত জিতু তামুলীৰ বিৰুদ্ধে কেচ নং ১১৪/২১, ধাৰা ২৯৪/৫০৯ নম্বৰৰ গোচৰ ৰুজু হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular