spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআন্তঃৰাষ্ট্ৰীয়ভূতৰ সৈতে খেলিছে কুকুৰে! বিশ্বজুৰি চাঞ্চল্য সৃষ্টি এটা ভিডিঅ’ৰ

ভূতৰ সৈতে খেলিছে কুকুৰে! বিশ্বজুৰি চাঞ্চল্য সৃষ্টি এটা ভিডিঅ’ৰ

ডিজিটেল ডেস্কঃ ভূত সদায় এটা ৰহস্যৰ বিষয় হিচাপে মানৱ সমাজৰ ওচৰত চিহ্নিত হৈ আহিছে। কিছুমানে ভূত আছে বুলি একাষাৰতে কয় আৰু কিছুমানে বিশ্বাস নকৰে। আন একাংশ লোক আছে যিয়ে প্ৰথমে ভূত বিশ্বাস নকৰে কিন্তু জীৱনত কিছুমান অশৰীৰী অভিজ্ঞতা লাভ কৰাৰ পাছত ভূত আছে বুলি ক’ব বিচাৰে। প্ৰতিটো বিষয় মানুহৰ নিজা নিজা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে এটা ক’লা কুকুৰে এটা ছাঁ সদৃশ কুকৰৰ সৈতে খেলি আছে। দুয়োটাই দৌৰা-ঢপৰা কৰি আছে।

ভিডিঅ’টোত ক’লা কুকুৰটো স্পষ্ট ৰূপত দেখা পোৱাৰ লগতে ইটো কুকুৰ স্পষ্ট ৰূপত দেখা পোৱা নাযায়। যাক ক’ব পাৰি এক ছাঁ সদৃশ আকৃতি বুলি। যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছে তেওঁ দাবী কৰিছে যে ‘দৰাচলতে ই কুকুৰ নহয়, কুকুৰৰ ৰূপত ভূতহে।’ ভিডিঅ’টো অষ্ট্ৰেলিয়াত বাস কৰা জেক ডিমাৰ্কোৱে শ্বেয়াৰ কৰি কৈছিল যে, ভিডিঅ’টো তেওঁৰ ঘৰৰ বাগিচাৰ।য’ত তেওঁৰ পোহনীয়া কুকুৰটোৱে এটা ভূতৰূপী কুকুৰৰ সৈতে খেলি আছে। ভিডিঅ’টো তেওঁলোকৰ বাগিচাত স্থাপন কৰা কেমেৰাত বন্দী হৈছিল। ভিডিঅ’টো দেখি তেওঁ হতভম্ব হৈ পৰিছিল।

ৰহস্যময় ভিডিঅ’টো

জেক ডিমাৰ্কোৱে লগতে কয় যে তেওঁৰ ঘৰৰ চাৰিওফালে বেৰ দিয়া আছে। তেওঁৰ ঘৰত আন জন্তুৱে প্ৰৱেশ কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। কেনেবাকৈ সোমাল বুলিও যদি ভাবি লোৱা হয় তেন্তে পোহনীয়া কুকুৰটো স্পষ্ট ৰূপত দেখা গৈছে আৰু ইটো কুকুৰক কিয় ছাঁ ৰূপত দেখা গৈছে বুলি সমাজলৈ প্ৰশ্ন এৰে জেক ডিমাৰ্কোৱে। এয়া অলৌকিক ঘটনাৰ বাহিৰে আন একো নহয় বুলি কয় লোকজনে। জেকে লগতে কয় যে তেওঁ কুকুৰটো কেৱল ভিডিঅ’টোতহে দেখা পাইছিল। ভিডিঅ’টোত দেখা পায়েই যেতিয়া তেওঁ বাগিচালৈ চাবলৈ আহে তেতিয়া তেওঁ কুকুৰটোক দেখা পোৱা নাছিল। সেই সময়ত তেওঁৰ পোহনীয়া ক’লা কুকুৰটোক অকলে অকলে দৌৰি থকা দেখা পাইছিল। সম্প্ৰতি এই ভিডিঅ’টোক লৈ ৰহস্যময় জগতখনৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে।

আৰু পঢ়কঃ হাফপেণ্ট বিতৰ্ক! এইবাৰ বেংকত প্ৰৱেশ কৰিব নোৱাৰিলে হাফপেণ্ট পিন্ধা যুৱকে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular