spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকলকডাউনেই কাল হ'ল নেকি? পত্নী-পুত্ৰৰ ডিঙি চেপি কিয় চিপ ল'লে ভবেশ শৰ্মাই?

লকডাউনেই কাল হ’ল নেকি? পত্নী-পুত্ৰৰ ডিঙি চেপি কিয় চিপ ল’লে ভবেশ শৰ্মাই?

ডিজিটেল ডেস্ক : কৰ’নাৰ ঢৌ এতিয়া প্ৰায় স্তিমিত হৈছে। কিন্তু কৰ’না সৃষ্ট পৰিৱেশে পৰোক্ষভাৱে পেলোৱা প্ৰভাৱে এতিয়া বহু লোকক ভাতে মৰাৰ উপক্ৰম ঘটাইছে। দীৰ্ঘদিনীয়া লকডাউনে বহু লোকৰ জীৱন-জীৱিকালৈ নমাই আনিছে অন্ধকাৰ। আৰ্থিক দীনতাৰ বাবে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক নিকৰুণ ঘটনা।

ছবছৰীয়া পুত্ৰক ডিঙি চেপি হত্যা কৰাৰ পাছত এজন লোকে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লোকজনে পত্নী হিমাদ্ৰী শৰ্মাকো ডিঙি কাটি হত্যাৰ চেষ্টা কৰিছিল। গুৰুতৰভাৱে আহত হৈ তেওঁ এতিয়া জিএমচিএইচত মৃত্যুৰ সৈতে যুঁজি আছে। আনহাতে পুত্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং বাসভৱনত।


উল্লেখ্য যে, সাতগাঁৱৰ বাসিন্দা ভবেশ শৰ্মাই সাতগাঁও ৰে’ল লাইনৰ সমীপত নুৰ হোমিও ফাৰ্মাচী খুলি তিনিজনীয়া পৰিয়ালটোক পোহপাল দি আছিল। কিন্তু কৰ’না প্ৰতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ত ভবেশ শৰ্মাই ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈ বিভিন্ন লোকৰ পৰা বহু টকা ধাৰ লৈছিল। ধাৰ পৰিশোধ কৰিব নোৱাৰি ভবেশ শৰ্মা মানসিক অস্থিৰতাত ভুগি আছিল। শনিবাৰে পুৱাৰ ভাগত বহু পলমকৈ শৰ্মাৰ পৰিয়ালটো ঘৰৰ পৰা ওলাই নহাত ঘৰৰগৰাকী ৰাতুল বৰদলৈয়ে শৰ্মাৰ ঘৰলৈ গৈ দুৱাৰ খোলা দেখা পাই ভিতৰত প্ৰৱেশ কৰি ভবেশ শৰ্মাৰ মৃতদেহটো ওলমি থকা দেখা পায়। ততাতৈয়াকৈ ঘৰৰ গৰাকীয়ে ঘটনা সন্দৰ্ভত সাতগাঁও থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ছয় বছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৩৫ বছৰীয়া পত্নী হিমাদ্রি শৰ্মাক ডিঙি কটা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে। আনহাতে ওচৰৰ কোঠালীৰ ফেনত ওলমি থকা ভবেশ শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে জি এম চি এইছ লৈ প্ৰেৰণ কৰে। মৃত ভবেশ শৰ্মাই শুকুৰবাৰে নিশা ছয় বছৰীয়া পুত্ৰ পৰাগ শৰ্মাক ডিঙি চেপি হত্যা কৰে আৰু পত্নীক ছুৰীৰে ডিঙি ৰেপি বিছনাত শুৱাই থয়। পত্নী আৰু পুত্ৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ পাছত ভৱেশ শৰ্মাই ফেনত ৰচীৰে চিপ লৈ আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি চৰজমিন তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular