spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআন্তঃৰাষ্ট্ৰীয়বীমাতকৈ ভৰি ডাঙৰ নহয়! টকাৰ লোভত ৰে’লৰ দ্বাৰা দুয়োখন ভৰি কটালে এজন...

বীমাতকৈ ভৰি ডাঙৰ নহয়! টকাৰ লোভত ৰে’লৰ দ্বাৰা দুয়োখন ভৰি কটালে এজন লোকে

ডিজিটেল ডেস্কঃ পইচাৰ লোভত মানুহে কি কি যে নকৰে! বীমা পলিচিৰ টকা পাবৰ বাবেও বহু মানুহে ভুৱা কথাৰ আশ্ৰয় লয়। এজন মানুহে বীমা পলিচিৰ ধন পাবৰ বাবে যি কাণ্ড কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। বীমা পলিচিৰ টকা পাবৰ বাবে মানুহজনে নিজেই নিজৰ দুয়োখন ভৰি ৰে’লৰ আগত বহি কটাই লয়। এই ঘটনা হাংগেৰীৰ নাইৰচাচাজাৰিৰ। ছেণ্ডৰ নামৰ ৫৪ বছৰীয়া লোকজনে মুঠ ১৪ টা কৈ বীমা পলিচি খুলিছিল।

১৪ টা বীমাৰ ২৩ কোটি ৯৭ লাখ টকা পাবৰ বাবেই তেনেদৰে ৰে’লৰ আগত বহি তেওঁ দুয়োখন ভৰি কটাই পেলায়। পিছে মানুহজনৰ চালাক-চতুৰামি কামত নাহিল। বীমা কোম্পানীকেইটাই ছেণ্ডৰৰ কুবুদ্ধি বুজিব পাৰি ন্যায়ালয়ৰ কাষ চাপে। ন্যায়ালয়ে সকলো চালি জাৰি চাই তদন্ত কৰি দেখে যে ছেণ্ডৰে কেৱলমাত্ৰ বীমাৰ টকা পাবৰ বাবেই সজ্ঞানে নিজেই ইচ্ছা কৰি তেনেদৰে ভৰি কটাই লৈছে। আদালতত প্ৰমাণিত হৈছিল যে তেওঁ ইচ্ছাকৃতভাৱে ৰে’লখনৰ সন্মুখত শুই দিছিল যাতে তেওঁ বীমাৰ ধন ল’ব পাৰে। ঘটনাটো ২০১৪ চনত সংঘটিত হৈছিল।

আৰু পঢ়কঃ ব্ৰেকফাষ্ট বা স্নেকছ হিচাপে খাওক খান্দৱী, জানো আহক ৰেচিপি

ৰে’লৰ আগত তেওঁ পৰি দিয়া বাবেহে ৰে’লখনে মানুহজনৰ দুয়োখন ভৰি আঁঠুৰ তলৰ পৰা কাটি পেলাইছিল। ইয়াৰ পাছৰে পৰা সমগ্ৰ ঘটনা আদালতৰ আওতালৈ যায়। কিন্তু ছেণ্ডৰে কৈছিল যে তেওঁ ট্ৰেক পাৰ হৈছিল তেতিয়াই ৰে’লখনে তেওঁৰ দুয়োখন ভৰি কাটি পেলাইছিল। দুৰ্ঘটনাটোৰ প্ৰায় ৭ বছৰৰ পাছত আদালতে ২০২১ চনৰ ৯ নৱেম্বৰত ৰায় দি ঘোষণা কৰে যে নিজে জানি বুজি দুৰ্ঘটনা সংঘটিত কৰোৱা বাবে ছেণ্ডৰে বীমাৰ এক টকাও লাভ নকৰে। কথাতে কয় নহয় ‘লোভেই পাপ…পাপেই মৃত্যু’.. ছেণ্ডৰৰ জীৱনত সেয়াই আখৰে আখৰে প্ৰমাণিত হ’ল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular