টকা নিদিয়াৰ বাবে উজানবজাৰত হত্যাৰ বলি হ’ল এজন যুৱক

গুৱাহাটী : উজানবজাৰ ইছলামপট্টীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ তিনি দুৰ্বৃত্তৰ আক্ৰমণত নিহত হ’ল নিজামুদ্দিন আলী নামৰ এজন লোক৷ জানিব পৰা মতে শনিবাৰে ইছলামপট্টীৰ বায়েকৰ ঘৰত ভাত খাবলৈ আহিছিল নিজামুদ্দীন৷ ভাত খাই নিশা ঘৰলৈ উভতি গৈ থাকোতে খাৰঘূলিত তিনি দুৰ্বৃত্তই আক্ৰমণ কৰিছিল৷ শনিবাৰে নিশা প্ৰায় ১০:৩০ বজাত সংঘটিত হৈছিল ঘটনাটো ৷

আৰু পঢ়িব পাৰিব:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হ’ব নতুন ৰাজনৈতিক দল

ঘটনাৰ বিৱৰণ অনুসৰি প্ৰথমে নিজামুদ্দিনক আগুচি ধৰি টকা বিচাৰিছিল দুৰ্বৃত্তই ৷ তাৰ পাছত টকা নিদিয়াৰ বাবে বেয়াকৈ মাৰধৰ কৰে যুৱকজনক ৷ অভিযুক্ত তিনিওজন ক্ৰমে মণি দাস, ৰাজীৱ দাস আৰু ৰূপম দাস ৷ ৫ দিন ধৰি অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল যুৱকজন৷ আজি মৃত্যুমুখত পৰে নিজামুদ্দিন৷

আৰু পঢ়িব পাৰিব : চোৰাং কাঠৰ অবৈধ বেহা : সৰৱ বন বিভাগ

পল্টনবজাৰৰ হোটেলত কৰ্মৰত আছিল মৃত নিজামুদ্দিন৷ ইতিমধ্যে অভিযুক্ত ৩ দুৰ্বৃত্তৰ বিৰুদ্ধে লতাশিল থানত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ যুৱককেইজন খাৰঘূলি মালি বাগানৰ চাগলীকাটাৰ বুলি জানিব পৰা গৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES