spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়ৰে’ল লাইনত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাবটিলে সঞ্জুৱে

ৰে’ল লাইনত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ ৰে’লৰ খুন্দাত কৰুণ মৃত্যুক সাবটিলে সঞ্জুৱে

ডিজিটেল ডেস্কঃ ভিডিঅ’ শ্বুট কৰিবলৈ গৈ শোকাৱহ মৃত্যুক সাৱটিলে এজন যুৱকে। ৰে’ল লাইনৰ সমীপত ষ্টাণ্ট কৰিবলৈ গৈ নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল এজন যুৱক। মধ্য প্ৰদেশৰ হোশাঙ্গাবাদ জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা।আৰক্ষীয়ে সদৰী কৰা অনুসৰি ৰে’লপথৰ কাষত ভিডিঅ’ৰ বাবে প’জ দি থকা অৱস্থাত ৰে’লৰ খুন্দাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয়।

মৃত যুৱকজনৰ নাম সঞ্জু চৌৰে। তেওঁ পাঞ্জাৰা কালা গাঁৱৰ বাসিন্দা আছিল। শোকাৱহ ঘটনাটো ইটাৰচি-নাগপুৰ ৰে’ল পথত সংঘটিত হৈছিল। এজন বন্ধুক লৈ সঞ্জু চৌৰে গৈছিল শাৰাদ্দেভ বাবা অঞ্চললৈ। ভিডিঅ’টোত দেখা গৈছে যে পিছফালৰ পৰা এখন ৰে’ল আহি আছে। সেই সময়তে কেমেৰাৰ সন্মুখত প’জ দিয়াত ব্যস্ত হৈ পৰিছে সঞ্জু। জীৱনৰ প্ৰতি মানুহৰ কিছুমান ক্ষেত্ৰত ভয়-শংকা থকাটো ভাল। কিন্তু সঞ্জুৱে কোনো ভয়-শংকা নকৰাকৈ ভিডিঅ’ শ্বুট কৰিবলৈ প্ৰস্তুত হয়।সকলো পাহৰি দুঃসাহসিক ভিডিঅ’ বনোৱাত ব্যস্ত হৈ পৰে দুই বন্ধু। ৰে’লৰ চালকে বহুবাৰ হৰ্ণ দিয়াৰ পিছতো কোনো লাভ নহ’ল।

প’জ দিয়াৰ সময়তে ঘটিল মৰ্মান্তিক ঘটনাটো। ৰে’লৰ খুন্দাত কেইবাফুট দূৰৈত পৰিলগৈ যুৱকজন।এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদি মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ষ্টাণ্ট ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি সকলোকে চমক দিম বুলি ভাবিছিল যুৱকজনে। কিন্তু ইয়াৰ পৰিণতি হ’লগৈ অতিকৈ ভয়ংকৰ। ছ’চিয়েল মিডিয়া আসক্তিয়ে যুৱচামক কেনেদৰে বিপদৰ মুখলৈ ঠেলি দিছে সেয়া চিন্তনীয় বিষয় হৈ পৰিছে সমাজৰ বাবে।

আৰু পঢ়কঃ কথাশিল্পী ইমৰান শ্বাহলৈ ওপজা দিনৰ অলেখ শুভকামনা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular