spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআন্তঃৰাষ্ট্ৰীয়চলন্ত বাছত জুই! মৃত ৪৫...

চলন্ত বাছত জুই! মৃত ৪৫…

ডিজিটেল ডেস্কঃ ৰাজপথত মৃত্যুৰ কিৰিলি৷ এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ হয়তো দূৰ্ঘটনাটোক ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহব৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলগেৰিয়াত৷ বুলগেৰিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা এখন চলন্ত বাছত অগ্নি সংযোগ ঘটে, আৰু লগে-লগে যাত্ৰীবাহী বাছখনত থকা আটাইকেইজন যাত্ৰী থিতাতে নিহত হয়৷

যাত্ৰীবাহী বাছখনত ১২ টা শিশুসহ মুঠ ৪৫ জন যাত্ৰী আছিল আৰু আটাইকেইজন লোকৰে মৃত্যু হৈছে৷ সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাত দেশখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বাসনেক নামৰ এখন গাঁৱত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বাছখনৰ সৰহ সংখ্যাক যাত্ৰীয়েই পৰ্যটক আছিল আৰু তেওঁলোক উত্তৰ মেচিডোনিয়াৰ বাসিন্দা আছিল৷ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ যদিও পোহৰলৈ অহা নাই, তথাপিও ধাৰণা কৰা হৈছে যে পথৰ কাষত খকা ৰেলিংঙত বাছখনে খুন্দা মৰাৰ ফলত বাছত অগ্নিসংযোগ হৈ যাত্ৰীসকল মৃত্যু মুখত পৰে৷

বাছখনৰ ভয়ংকৰভাৱে জুইত জাহ যায় যে, বাছখনৰ গোটেই বাহিৰভাগ জুইত জাহ গৈ বাছখনৰ কেৱল লোহা অংশটোহে উলাই পৰে ৷ প্ৰশাসনৰ সূত্ৰই কৈছিল যে জুই লগাৰ পিছত মাত্ৰ সাতজন লোক বাছৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। তেওঁলোকে ৰাজধানী চফিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও বৰ্তমান তেওঁলোকৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশৰ গৃহ মন্ত্ৰালয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। বুলগেৰিয়াৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে ঘটনাটোক “এক বৃহৎ ট্ৰেজেডী” বুলি বৰ্ণনা কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁ সাংবাদিকক কয়, “আশা কৰোঁ আমি এই শোকাৱহ ঘটনাটোৰ পৰা শিক্ষা লওঁ আৰু প্ৰাৰ্থনা কৰিছো যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular