মাৰ্বলছত ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড ঋষিৰাজক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

গুৱাহাটীঃ মাৰ্বলছত সংঘটিত হোৱা ছাঞ্চাল্যকৰ ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড ঋষিৰাজ ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছে। মহানগৰীৰ গড়চুকৰপৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঋষিৰাজক। ঋষিৰাজৰ ঘৰ চান্দুবিস্থিত থাংগাৰ গাঁৱত।

আৰু পঢ়িব পাৰিব: অনলাইন মাধ্যমেৰে আইআইটিৰ দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এচিপি নন্দিনী কাকতিৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে গ্ৰেপ্তাৰ কৰে ধৃত ঋষিৰাজক। চাঞ্চল্যকৰ ডকাইতিকাণ্ডত ব্যৱহৃত AS01DR1120 নম্বৰৰ আই-১০ বাহনখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব: আইপিএলক লৈ ধুবুৰীত জুৱাৰ বেহা, আটক ৩

উল্লেখযোগ্য যে কেমেৰাৰ আগত সমগ্ৰ ডকাইতিৰ পৰিকল্পনাৰ বিষয়ে কয় ঋষিৰাজ ৰাভাই। আন এক সহযোগী নিটিছ বসুমতাৰীক আন এটা গোচৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতিকাণ্ডত ব্যৱহৃত দুটাকৈ পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয়।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES