কুৰ্মী VS কোঁৱৰঃ মৰিয়নিত যুঁজ দিব দুই বন্ধুৱে

0
402
ৰূপজ্যোতি কুৰ্মী
কুৰ্মী VS কোঁৱৰঃ মৰিয়নিত যুঁজ দিব দুই বন্ধুৱে

ডিজিটেল ডেস্কঃ মৰিয়নিৰ যুজঁখনলৈ এইবাৰ সকলোৰে চকু৷ যুজঁ মানে কোৱা হৈছে মৰিয়নিৰ উপ-নিৰ্বাচনৰ কথা৷ মৰিয়নিৰ উপ-নিৰ্বাচনত সমুখ সমৰত নামিব বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰ৷ উল্লেখযোগ্য কথাটো হ’ল ৰূপজ্যোতি কুৰ্মী আৰু লোহিত কোঁৱৰ একালত নলেগলে লগা বন্ধু আছিল আৰু আজি দুয়ো ৰাজনৈতিকভাবে হৈ পৰিল ঘোৰ শত্ৰু৷ সেয়েহে দুই বন্ধু-শত্ৰুৰ যুজঁখনৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ আছে৷

প্ৰায় ৩০ বছৰ কাল মৰিয়নি কংগ্ৰেছৰ দখলত আছিল৷ প্ৰয়াত ৰূপম কুৰ্মী আৰু তাৰ পৰৱৰ্তী সময়ত ৰূপম কুৰ্মীৰ পুত্ৰ ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিত উৰুৱাইছিল কংগ্ৰেছৰ ধ্বজা। কিন্তু এইবাৰ মৰিয়নিত পট পৰিৱৰ্তন হৈছে। কাৰণ এইবাৰ ৰূপজ্যোতি কুৰ্মীয়ে গেৰুৱা বসন পিন্ধি হাতত পদুম লৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে নামিছে উপ-নিৰ্বাচনত। মৰিয়নিত দীৰ্ঘকাল জুৰি প্ৰভাৱ বিস্তাৰ কৰি থকা কংগ্ৰেছে এই উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিছে লোহিত কোঁৱৰক।

ৰূপজ্যোতি কুৰ্মী আৰু লোহিত কোঁৱৰ বহু পুৰণি বন্ধু। কিন্তু এতিয়া দুয়ো ৰাজনৈতিক শত্ৰু ।বিগত প্ৰতিটো নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ সৈতে ছাঁৰ দৰে লাগি থাকি সহায় কৰি আহিছিল লোহিত কোঁৱৰে। ৰূপজ্যোতিৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ পৰা ছাঁ দৰে লগত থকা লোহিত কোঁৱৰে উপনিৰ্বাচনত যুঁজ দিব ৰূপজ্যোতিৰ বিৰুদ্ধে।লোহিত কোঁৱৰে ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত মন্তব্য কৰি কয়,ৰাইজে ৰূপজ্যোতি কুৰ্মী বুলি ভোট দিয়া নাছিল,দিছিল কংগ্ৰেছ বুলিহে। গতিকে এই উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মী পৰাজিত হোৱাটো নিশ্চিত৷