Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকবিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ'ল এখন স্থায়ী বজাৰ!

বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ’ল এখন স্থায়ী বজাৰ!

তেজপুৰ : এখন স্থায়ী বজাৰ নিঃশেষ হৈ গ’ল ভয়ংকৰ অগ্নিকাণ্ডত। জুইত জাহ গ’ল প্ৰায় তিনি শতাধিক সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান। মাজনিশা তেজপুৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো ৷ জুইত ভস্মীভূত হয় ৩০০ কৈয়ে অধিক দোকান৷ তেজপুৰৰ চ’ক বজাৰত সংঘটিত এই অগ্নিকাণ্ড৷ কেইবা কোটি টকাৰ সামগ্ৰী ভস্মীভূত হয় ৷

আৰু পঢ়িব পাৰিব :  কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী

১২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ মুল কাৰণ জনা হোৱা নাই যদিও বৈদ্যুতিক বিসংগতিৰ ফলতেঅগ্নিকাণ্ডৰ সুত্ৰপাত হ’ল বুলি সন্দেহ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ

প্ৰায় ২০ খনতকৈও অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে পুৱালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল জুই৷শোণিতপুৰ জিলাৰ বিভিন্ন স্থানৰ লগতে বায়ুসেনা বাহিনী আৰু ওডালগুৰি জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০ বাহন পুৱাহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular