spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াতিৰীয়েই গিৰী,তিৰীয়েই হতশ্ৰী! সুখৰ সংজ্ঞা বিচাৰি পলায়ন প্ৰেয়সীৰ...

তিৰীয়েই গিৰী,তিৰীয়েই হতশ্ৰী! সুখৰ সংজ্ঞা বিচাৰি পলায়ন প্ৰেয়সীৰ…

ডিজিটেল ডেস্কঃ ‘প্ৰেম কিনো জানা নে,যৌৱনৰ খেলা খেল/ডেকা গাভৰুৰে মৰম-চেনেহৰ মেল…’ যৌৱনৰ খেল খেলিছে এহাল প্ৰেমিক-প্ৰেমিকাই! মিলান পাৰ্কত বহি মৰম-চেনেহৰ মেলো মাৰিছে দুয়ো! আকোৰগোঁজ প্ৰেয়সীৰ কাণ্ডত নিৰূপায় প্ৰেমিকা। এইখিনিলৈ সকলো ঠিকে আছিল। আৰু সহ্য নহয়-চাওতে চাওতে প্ৰেয়সীৰ প্ৰেৰণাত ঘৰখনে পাতি পেলালে মৰমৰ প্ৰেমিকাই। শেহতীয়াকৈ তেনে এক ঘটনাই সংবাদ শিৰোনামা দখল কৰা দেখা গৈছে। ঘটনাটো পুৰণা হ’ব পাৰে কিন্তু ৰাগী লাগি আছে। আৰ্জেণ্টিনাৰ তাৰকা ষ্ট্ৰাইকাৰ মাউৰো ইকাৰ্ডীয়ে সতীৰ্থ তথা বন্ধু মেক্সী লোপেজৰ পত্নী ৱাণ্ডা নাৰাক পলুৱাই নি বিয়া কৰাইছিল।

ঘটনাটো সংঘটিত হৈছিল ২০১৪ চনত। পৰৰ স্ত্ৰীক পলুৱাই নিয়াৰ দোষত ইণ্টাৰ মিলানৰ এই ষ্ট্ৰাইকাৰজনে সেই সময়ত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল। উল্লেখ্য যে, নাৰা সেই সময়ত ৩টা সন্তানৰ মাতৃও আছিল। কিন্তু কি কৰিব নিৰূপায় নাৰা,দিশহাৰা মাউৰো ইকাৰ্ডী। শেষত ‘প্ৰেমে নামানে বাধা’ কথাষাৰকে মান্যতা দিলে দুয়ো। পেছাত মডেল ৱাণ্ডা নাৰা ইকাৰ্ডীতকৈ ৫ বছৰ ডাঙৰ। ইকাৰ্ডীৰ প্ৰেমত হাবু-দাবু খোৱা সেইগৰাকী মহিলাই তেওঁৰ স্বামী আৰু সন্তানক এৰি মাউৰোৰ ওচৰলৈ আহিছিল সুখৰ সংজ্ঞা বিচাৰি।


ইকাৰ্ডীৰ এই কাণ্ডত ক্ষোভিত হৈছিল কিংবদন্তি তাৰকা ফুটবলাৰ ডিয়েগো মাৰাডোনা। মাৰাডোনাই সেই সময়ত কৈছিল, ‘যিজন ফুটবল খেলুৱৈয়ে নিজৰ সতীৰ্থৰ পত্নীক পলুৱাই নি বিয়া কৰায় তেনে খেলুৱৈক কেতিয়াও ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰিব নালাগে। ‘ কিন্তু মাউৰো ইকাৰ্ডী-নাৰাৰ প্ৰেমে এইবাৰ সলাইছে মোট। জানিবলৈ পোৱা মতে, ইমান গভীৰ প্ৰেমো সমকালীন পৰিস্থিতিত তিস্তি থাকিব পৰা নাই। বিবাহৰ ৭ বছৰ পাছতো ফাট মেলিছে সম্পৰ্কত। ইকাৰ্ডী পত্নী নাৰাই নিজেই এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত নাৰাৰ পোষ্টটোৱে তুমুল সমালোচনাৰ সৃষ্টি কৰিছে।

কিন্তু এই সকলোবোৰৰ বাহিৰেও, এটা প্ৰশ্ন সন্মুখলৈ আহিছে। যিটো প্ৰশ্নই এতিয়া চকু কপালত তুলিছে সকলোৰে। ইকাৰ্ডীয়ে গোটেই শৰীৰত নাৰা আৰু সন্তানৰ ছবি আৰু নাম টাটু কৰিছে। তেওঁলোকৰ বিচ্ছেদ হোৱাৰ পাছত এতিয়া টাটুবোৰৰ কি হ’ব? বিপাঙত পৰিছে মাৰো। প্ৰথমে পলুৱাই আনিছিল মাউৰোই এইবাৰ পলাল নাৰা…পূৰ্বৰ পাপৰ যেন খণ্ডনহে কৰিছে মাউৰোই! উত্তাল ফুটবল এৰিণা। লোপেজে ২০০৮ চনত মডেল ৱাণ্ডা নাৰাক বিয়া কৰাইছিল। ইকাৰ্ডীয়ে ২০১২-১৩ বৰ্ষত লোপেজৰ দল চাম্পডোৰীয়াত যোগদান কৰিছিল। তাৰ পিছত, দুয়ো একেখন দেশৰ হোৱাৰ বাবে ঘনিষ্ঠ হৈ পৰিছিল। কিন্তু ইকাৰ্ডীৰ চকু পৰে সতীৰ্থ পত্নীৰ ওপৰত। সতীৰ্থ পত্নী নাৰাৰে বাঢ়ি যায় মিতিৰালি। তাৰ পাছত ইজনে-সিজনৰ প্ৰেমত পৰে। পাছৰ খিনি ইতিহাস…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular