spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকহয়তো ৰঙীন জীৱনৰ নিচাত বুৰ যোৱা ৰাজকন্যাৰ শাস্তি হ’ব! কিন্তু এই তিনি...

হয়তো ৰঙীন জীৱনৰ নিচাত বুৰ যোৱা ৰাজকন্যাৰ শাস্তি হ’ব! কিন্তু এই তিনি নাবালকৰ পিতৃ জানো ঘূৰি আহিব?

ডিজিটেল ডেস্ক: কোনো কোটিপতি ঠিকাদাৰে আয়োজন কৰিছিল পাৰ্টী। মহানগৰৰ অন্যতম দামী আৰু বিলাসী হোটেল ‘তাজ ভিভাণ্টা’ত বিলাসী আয়োজন। ইভেণ্ট অৰ্গেনাইজাৰ ৰাজকন্যা বৰুৱা। লাস্যময়ী। আধুনিকা, জীৱনৰ ৰূপ-ৰসৰ শেষটুপিলৈকে পি পেলাব খোজা উদ্দীপনা। জীৱনৰ ৰঙীন নিচা আৰু জাক-জমকতা তেওঁলোকৰ দৈনন্দিনতাৰ অংশ। ‘তাজ ভিভাণ্টা’ৰ বিলাসী পাৰ্টীও তেওঁলোকৰ বাবে সহজ অভ্যাস। সেইদিনা আছিল ১ অক্টোবৰ। ক্ষমতাশালী, প্ৰতিপত্তিশালী কোটিপতি লোকেৰে ভৰি পৰিছিল ‘তাজ ভিভাণ্টা’ৰ পাৰ্টী। অৰ্গেনাইজাৰ হিচাপে ‘গ্ৰেণ্ড ছাকচেছ’ ৰাজকন্যাৰ

আনন্দত উদ্বাউল হৈ ৰাজকন্যাই খালী কৰি গৈছিল ইটোৰ পাছত সিটো সুৰাৰ গ্লাছ। ‘সখী-ছহেলী’ৰ সৈতে নাচি-বাগি পাৰ কৰিছিল ৰঙীন সময়। তাৰ পাছত আনন্দ-বিলাসৰ ক্লান্তিয়ে যেতিয়া চকুৰ পতা জাপ খুৱাই আনিব খুজিছিল তেতিয়াই আহি বহিছিল নিজৰ বিলাসী বাহনৰ ড্ৰাইভিং ছীটত। ৰঙীন জীৱনৰ ৰিমঝিম নিচাই সকলো পাহৰাই পেলোৱা লাস্যময়ীয়ে পাহৰি গৈছিল গাড়ীৰ গতিবেগ কিমান আছিল। সান্ধ্যআইনে স্তব্ধ কৰি পেলোৱা মহানগৰৰ ৰাজপথত বেপোৰোৱা গতিত চলা তেওঁৰ গাড়ীখন যে কাৰোবাৰ বাবে কাল অমানিশাৰ কাৰণ হৈ পৰিব পাৰে, সেয়া তেওঁৰ ভাবনাৰ বাহিৰত আছিল। অৱশেষত সেয়াই হ’ল।


নিয়ন্ত্ৰণহীন গতিৰ তেওঁৰ গাড়ীয়ে পথ হেৰুৱাইছিল। নিচাই জলক লগোৱা চকুৰ ধূসৰতাত হেৰাই গৈছিল সন্মুখৰ পথ। তাৰ পাছতে ঘটিছিল সেই ভয়ংকৰ অঘটন। ৰুক্মিণীনগৰৰ সমীপত তেওঁৰ গাড়ীয়ে মহতীয়াই নিছিল ৯জনকৈ লোকক। ওহো, তেওঁলোকে ৰাজকন্যাৰ দৰে ৰঙীন জীৱনৰ নিচাৰে মাতাল হৈ থকা নাছিল। আছিল দুবেলাৰ ভাতমুঠি মোকলোৱাৰ কঠোৰ সংগ্ৰামত। মাজৰাতিৰ শূন্য ৰাজপথত তেওঁলোকে পথ মেৰামতিৰ কাম কৰি আছিল আৰু হঠাতে নামি আহিছিল অমানিশা। ৰাজপথক বিভীষিকা সৃষ্টি কৰাৰ পাছতো কিন্তু অনুশোচনা নাছিল ৰাজকন্যাৰ। এইবাৰ তেওঁ উলিয়াই লৈছিল ক্ষমতা আৰু প্ৰভাৱ-প্ৰতিপত্তিৰ যাদুদণ্ড। সেই যাদুদণ্ডৰ স্পৰ্শৰে নিমিষতে তেওঁ মুকলি হৈছিল আইনী মেৰপেচৰ পৰাও। পাছত সংবাদ মাধ্যমৰ নিৰন্তৰ হেঁচা আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতহে তেওঁক পুনৰ আইনী আওঁতালৈ অনাটো সম্ভৱ হ’ল। তেওঁ এতিয়া কাৰাগাৰত। কিন্তু দুৰ্ঘটনাগ্ৰস্তসকল যি ক্ষতিৰ সন্মুখীন হ’ল সেয়া কোনে পূৰণ কৰিব?


আজি যোছেফ মাৰাকৰ মৃত্যু হ’ল। ৰাজকন্যা গাড়ীৰ চেপাত দুয়োখন ভৰি হেৰুৱাই এমাহৰো অধিক সময় তেওঁ ভুগিলে নৰক যন্ত্ৰণাত। জীৱন-মৰণৰ এখন কঠিন যুঁজত তেওঁ পৰাজিত হ’ল আৰু ‘জিএমচিএইচ’ৰ বিছনাত তেওঁ চকু মুদিলে আৰু কাহানিও নেমেলিবৰ বাবে। কিন্তু এই মৃত্যুৱে এটা জীৱনকেই জানো কাঢ়ি নিলে? নাই নিয়া। এখন ঘৰো থান-বান কৰি থৈ গ’ল। যোছেফৰ মাতৃহাৰা তিনি নাবালক সন্তানৰ শেষ অৱলম্বনো কাঢ়ি লৈ গ’ল। দেউতাক হাস্পতালত পৰি থকা বুলি অচিন-অজান মহানগৰলৈ দৌৰি অহা দুই নাবালৰ পুত্ৰ ছানডে’ বাৰ্থ আৰু ৰাফেল চাংমাৰ সকলো আশা আজি নিৰ্বাপিত হ’ল। শেষ হ’ল কণমানি কন্যা জেছমিনৰো পিতৃস্নেহ নামৰ অধ্যায়টো। বিগত বছৰৰ ১৭ অক্টোবৰত মাতৃহাৰা হোৱা সন্তান তিনিটাই এতিয়া কাৰ মুখলৈ চাই বাছি থাকিব? কোনে জীয়াই থকাৰ সামান্য সম্বলখিনি তেওঁলোকক গোটাই দিব?

ফটোত যোছেফ মাৰাকৰ দুই পুত্ৰ


হয়তো গল্প-উপন্যাসক কল্পিত কাহিনীও ইয়াতকৈ কম কৰুণ হ’ব। যিমান কৰুণতাই গ্ৰাস কৰিছে এই পৰিয়ালটোক। ৰাজকন্যাৰ শাস্তি হৈছে। আৰু কঠিন শাস্তি হয়তো তেওঁক বিহা হ’ব। হয়তো আইনী সুৰুঙাই তেওঁক সকলো দোষৰ পৰা মুক্তিও দিব পাৰে। কিন্তু তেওঁৰ দুষ্কাৰ্যই যোছেফ মাৰাকৰ পৰিয়ালটোলৈ যি দুৰ্যোগ নমাই আনিলে সেই দুৰ্যোগ জানো কাহানিবা আঁতৰ হ’ব? যোছেফ মাৰাকৰ তিনি সন্তান ৰাফেল চাংমা, ছানডে’ বাৰ্থ আৰু ৮ বছৰীয়া কন্যা জেছমিন ডি চাংমাৰ সন্মুখত এতিয়া কোনে পোহৰ সিচিব? গাৰো পাহাৰৰ গাঁৱৰ পৰা আহি আচহুৱা মানুহ, আচহুৱা পৰিৱেশৰ মাজত দিগ-বিদিক হেৰুৱাইও পিতৃক ঘৰলৈ নিবলৈ ৰৈ থকা ছানডে’ বাৰ্থ বা ৰাফেলে পিতৃৰ মৃতদেহটোৰ সন্মুখত ৰৈ যেতিয়া হাৰাওৰাৱে কান্দিব তেতিয়া কাৰোবাৰ সাহস হ’বনে সন্ত্বনাৰ বাণী শুনাবলৈ। ৰঙীন জীৱনৰ ৰিমঝিম নিচা ল’বলৈ গৈ এনেদৰে তেনেই নিৰীহ নিঃকিন এইকেইটা জীৱনক অন্ধকাৰ কৰি পেলোৱা ৰাজকন্যাক সময়ে তুলিবনে তুলাচনীত?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular