Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিককৃষক মুক্তিৰ সংবাদমেল : বিবেক ভোটৰ আহ্বান মেধা পাটকাৰৰ

কৃষক মুক্তিৰ সংবাদমেল : বিবেক ভোটৰ আহ্বান মেধা পাটকাৰৰ

গুৱাহাটীঃ মহানগৰস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে। অখিল গগৈৰ সপক্ষে প্ৰচাৰ আৰু কৃষক আন্দোলন সন্দৰ্ভত আয়োজন কৰা হৈছে এই সংবাদমেল। সংবাদমেলত কৃষক নেতাসকলৰ লগতে উপস্থিত থাকে ‘নৰ্মদা বচাওঁ আন্দোলন’ৰ নেত্ৰী মেধা পাটকাৰ।

আৰু পঢ়িব পাৰিব : মছজিদ পুনৰ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

সংবাদমেলখনত নেত্ৰীগৰাকীয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ শিৱসাগৰ সমষ্টিৰ ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী অখিল গগৈক চৰকাৰে কাৰাগাৰত ভৰাই থোৱা বিষয়টোৰ ক্ষেত্ৰতো সৰব হৈ পৰে। অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই অখিল গগৈক ‘অৰাজকতাৰ প্ৰতীক’বুলি আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘প্ৰকৃত অৰাজক কোন?’- বুলিও নেত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।


আনহাতে, অসমৰ প্ৰাকৃতিক সম্পদ বিজেপিয়ে বিক্ৰী কৰি আদানী-আম্বানীক ধনী কৰাৰো অভিযোগ আনে নেত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে, উদ্যোগপতি গৌতম আদানীৰ ব্যৱসায়ত দৈনিক লাভ ৩৮৪ কোটি টকা। অখিল গগৈক ভুৱা গোচৰত কাৰাৰুদ্ধ কৰি ৰাখি চৰকাৰে টোলগে’ট নিৰ্মাণ কৰা বুলিও মন্তব্য কৰে নেত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

অসমৰ সংবাদ জগতৰ অৱস্থাও বৰ্তমান সংকটমুক্ত নহয় বুলি তেওঁ লগতে উল্লেখ কৰে। অসমবাসীক এইবাৰৰ নিৰ্বাচনত বিবেকেৰে ভোট দিবলৈ আহ্বান জনাইছে সৰ্বভাৰতীয় নেত্ৰীগৰাকীয়ে

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular