কি আছিল ৰাজকন্যাৰ মেডিকেল ব’ৰ্ডৰ ৰিপ’ৰ্টত? কোন চিকিৎসকে শুৱাই ৰাখিছিল আইচিইউৰ বিছনাত?

0
32122
ৰাজকন্যা
কি আছিল ৰাজকন্যাৰ মেডিকেল ব’ৰ্ডৰ ৰিপ’ৰ্টত? কোন চিকিৎসকে শুৱাই ৰাখিছিল আইচিইউৰ বিছনাত?


ডিজিটেল ডেস্ক : বেমাৰ নহ’লেও ভৰ্তি হ’ব পাৰি নেকি হাস্পতালত? সুস্থ শৰীৰৰ লোককো হাস্পতালৰ আইচিইউত ভৰাই ৰখা হয় নেকি? লোকচক্ষুত ধূলি দিবলৈ তথা আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ এই কৌশলেই গ্ৰহণ কৰিছিল বিতৰ্কিত ৰাজকন্যা বৰুৱাই। অপৰাধ আৰু উদ্ভণ্ডালিৰ নিত্য-নতুন নজিৰ সৃষ্টিৰে ৰাজকন্যা বৰুৱাই বিভিন্ন সময়ত বিভিন্নজনক জলা-কলা খুৱাই আহিছে যদিও ইমান দিনে অদৃশ্য প্ৰভাৱেৰে সাৰি গৈ আছিল ৰাজকন্যা। এইবাৰো আৰক্ষীক মেনেজ কৰি তেওঁ সুকলমে ওলাই আহিছিল আইনী মেৰপেচৰ পৰা।

কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্ত পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ পাছত আৰক্ষীক বিভ্ৰান্ত কৰাৰ সকলো কৌশল গ্ৰহণ কৰিছিল ৰাজকন্যাই। তেওঁৰ কূট-কৌশলত সহযোগ কৰিছিল মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ অভিজাত চিকিৎসালয় জিএনআৰচিয়ে।

অসুস্থতাৰ দোহাই দি তেওঁক ভৰ্তি কৰোঁৱা হৈছিল আইচিইউত। তেওঁ তদন্তকাৰী আৰক্ষী বিষয়াৰ আগত হাজিৰ হ’ব নোৱাৰিব বুলিও কোৱা হৈছিল চিকিৎসকৰ তৰফৰ পৰা। কিন্তু উৰহী গছৰ ওৰ ওলাল বুধবাৰে। ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গঠন কৰা মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত দিয়া হ’ল চাঞ্চল্যকৰ তথ্য। ডাঃ পুৰুজিৎ চৌধুৰী, ডাঃ আৰ পি দাস, ডাঃ উৎপল বৰা, ডাঃ উৎপল জ্যোতি ডেকা, ডাঃ আছমান আলী আৰু ডাঃ শংকৰ শইকীয়াৰ মেডিকেল ব’ৰ্ডে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষকলৈ প্ৰেৰণ কৰা মেডিকেল টেষ্টৰ ৰিপ’ৰ্টত লিখিলে-

(১) মেডিকেল ব’ৰ্ডৰ মতে হাস্পতালত ভৰ্তি কৰি ৰাখিব লগা হোৱাকৈ তেওঁৰ কোনো গুৰুতৰ শাৰীৰিক অসুস্থতা নাই।

(২)APACHE &RTS ৰ দৰে ভালেমান ক্লিনিকেল স্কোৰ ব্যৱহাৰ কৰি তেওঁৰ পৰীক্ষা কৰা হৈছিল আৰু তাৰ ফলাফল অনুসৰি তেওঁক আইচিইউত ৰাখিবলগীয়া কোনো কাৰণ বিচাৰি পোৱা নাই। তেওঁৰ চিটি স্কেন, এক্স ৰে, কাৰ্ভিকেল স্পাইন আদি স্বাভাৱিক অৱস্থাত আছিল আৰু তেওঁৰ তেজ পৰীক্ষাৰ ফলাফলতো একো অস্বাভাৱিকতা ধৰাপৰা নাছিল।

(৩) এই তথ্যৰ আধাৰত এইকথা স্পষ্ট যে, তেওঁক হাস্পতালত ৰখাৰ প্ৰয়োজন নাই আৰু তেওঁ তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হ’বলৈ সক্ষম। যদি কোনো স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰ সৃষ্টি হয় তেওঁ জিএমচিএইচত চিকিৎসা কৰাব পৰা যাব।
এই প্ৰতিবেদনৰ পাছতে ৰাজকন্যা বৰুৱাৰ ৰাজযোগৰ অন্ত পৰে আৰু হাস্পতালৰ বিছনাৰ পৰা তেওঁ একেকোবে পাণবজাৰ থানা পাবলগীয়া হয়। এতিয়াও আৰক্ষীৰ জিম্মাতে আছে বিতৰ্কিত ৰাজকন্যা।

ইফালে, ৰাজকন্যাত আইচিইউত ভৰ্তি কৰাই আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰাৰ ঘটনাৰ সৈতে সাঙোৰ খাইছে এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ নাম। আমাৰ হাতত পৰা তথ্য মতে, তেৱোঁ আইনী ব্যৱস্থাৰ আঁওতালৈ আহিব পাৰে। চিকিৎসকগৰাকীৰ এনে কাৰচাজিৰ জৰিয়তেই ৰাজকন্যাই নিজকে আৰক্ষীৰ হাতৰ পৰা বছাই ৰখাৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত আমি সেই সম্পৰ্কেও বিতং প্ৰতিবেদন প্ৰকাশ কৰিম।