spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়া‘পল দ্য গ্রেট’ আখ্যা ক্ৰিকেটৰ ভগৱানক, শচীনৰ 'মাষ্টাৰক্লাছ' ইনিংছে তুলিছে আলোড়ন...

‘পল দ্য গ্রেট’ আখ্যা ক্ৰিকেটৰ ভগৱানক, শচীনৰ ‘মাষ্টাৰক্লাছ’ ইনিংছে তুলিছে আলোড়ন…

নতুন দিল্লীঃ অক্টোপাছ পল ৰ কথা মনত আছেনে আপোনালোকৰ? সামুদ্ৰিক এই জীৱটোৱে ২০১০ চনৰ ফুটবল বিশ্বকাপৰ সময়ত সঠিক ভৱিষ্যদ্বাণী কৰাৰ পাছত সংবাদ শিৰোনাম দখল কৰিছিল। উল্লেখ্য যে, বিশ্বকাপৰ পাছত ২০১০ চনৰ অক্টোবৰ মাহত ‘পল’ৰ মৃত্যু হয়। পৃথিৱীৰ পৰা বিদায় মাগিলেও কিন্তু ‘পল’ৰ নাম এতিয়াও সকলোৰে মুখে মুখে! এনেকৈ যেতিয়া কাৰোবাক লৈ কৰা ভৱিষ্যদ্বাণী আখৰে আখৰে মিলি যায় তেতিয়া তেওঁক ‘পল’ৰ সৈতে তুলনা কৰা হয়। মৰমতে কোনো কোনোৱে তেওঁক ‘পল’ বুলি মতাও দেখা যায়।

এইবাৰ এই ‘পল’ৰে সাঙোৰ খাইছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ নাম। অগণিত অনুৰাগীয়ে এতিয়া প্ৰিয় তাৰকা তেণ্ডুলকাৰক ‘পল’ নামেৰে মাতিবলৈ লৈছে। শচীনৰ এটা ভৱিষ্যদ্বাণী আখৰে আখৰে মিলি গৈছে। এখন খেলত ‘ক’-দল বা ‘খ’-দলৰ কোনটোৱে জিকিব তাক কোৱাতো সহজ বুলি ধৰি ল’লেও কোন বলাৰৰ বলত কোন ক্ৰিকেটাৰে এলবিডব্লিউ বা ব’ল্ড হ’ব তাৰো পূৰ্বানুমান কৰিব পাৰে ক্ৰিকেটৰ ভগৱানে। শেহতীয়া এনে এক কীৰ্তিৰ বাবে শচীন তেণ্ডুলকাৰক ‘পল দ্য গ্ৰেট’ বুলি অভিহিত কৰিছে অনুৰাগীয়ে। অষ্ট্ৰেলিয়া-পাকিস্তানৰ মাজত অনুষ্ঠিত খেলখনক লৈ এটি ভৱিষ্যদ্বাণী কৰিছিল তেণ্ডুলকাৰে।

আৰু সেই ভৱিষ্যদ্বাণী স্বৰূপাৰ্থত মিলি গৈছে। অনুৰাগীৰ মণিকূটত নিগাজী স্থান দখল কৰা ক্ৰিকেটৰ ভগৱানে দীৰ্ঘ বিৰতিৰ অন্তত তেনে এটা ‘মাষ্টাৰক্লাছ’ ইনিংছেই যেন খেলিলে! তেণ্ডুলকাৰে অষ্ট্ৰেলিয়া-পাকিস্তান খেলৰ পূৰ্বে এটা ভিডিঅ’ত এটা ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ কৈছিল,‘ অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চে যদি পাকিস্তানৰ বেগী বলাৰ শ্বাহিন আফ্ৰিদিৰ বিৰুদ্ধে ক্ৰছ খেলিবলৈ যায় তেন্তে তেওঁ এলবিডব্লিউ বা ব’ল্ড হ’ব।’ আৰু কথামতে খেলখনত সেয়াই ঘটিছিল। তাৰ পাছতেই সৰ্বত্ৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক ‘পল দ্য গ্রেট’ বুলি অভিহিত কৰিছে। অৱশ্যে, এই প্ৰসংগক লৈ কোনো মন্তব্য কৰা নাই ক্ৰিকেটৰ ভগৱানে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular