spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeক্ৰীড়াপ্ৰতীক্ষাৰ অৱসান! আইপিএলৰ মেগা নিলামৰ দিন ঘোষণা বিচিচিআইৰ

প্ৰতীক্ষাৰ অৱসান! আইপিএলৰ মেগা নিলামৰ দিন ঘোষণা বিচিচিআইৰ

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ বাবে আগন্তুক আইপিএল অনুষ্ঠিত হ’ব নে নাই তাক লৈ অনিশ্চয়তা থাকিলেও হাত সাৱটি বহি থকা নাই বিচিচিআই-এ। মঙলবাৰে আইপিএল পৰিচালনা পৰিষদৰ বৈঠকত নিলামৰ তাৰিখ নিৰ্ধাৰণ কৰে বিচিচিআই-এ। দুটা নতুন ফ্ৰেঞ্চাইজীৰ আত্মপ্ৰকাশকলৈয়ো কোনো ধৰণৰ জটিলতাৰ সৃষ্টি হোৱা দেখা নগ’ল বৈঠকত। আইপিএলৰ নিলাম ১২ আৰু ১৩ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত হ’ব বুলি ব’ৰ্ডে সদৰী কৰিছে। মেগা নিলামৰ মাজতে লক্ষ্ণৌ আৰু আহমেদাবাদ নামৰ দুটা নতুন ফ্ৰেঞ্চাইজীৰ মুখ দেখিবলৈ পাব ক্ৰীড়ানুৰাগীয়ে। দুসপ্তাহৰ ভিতৰত নিলামৰ পূৰ্বে কোন কোন ক্ৰিকেটাৰক দলটোত অন্তৰ্ভুক্ত কৰিব জনাব লাগিব কৰ্তৃপক্ষই।


আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে কয়, ‘ দুয়োটা নতুন দলক আনুষ্ঠানিকভাৱে আইপিএলত প্ৰতিনিধিত্ব কৰাৰ অনুমতি দিয়া হৈছে। যিহেতু তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ বাবে আইপিএল খেলিব গতিকে, তেওঁলোকক নিলামৰ পূৰ্বে ক্ৰিকেটাৰ বাছনি কৰাৰ সুযোগ দিয়া হৈছে। তেওঁলোকে পৰৱৰ্তী দুসপ্তাহৰ ভিতৰত সেই তালিকাখন প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিব লাগিব।’ মনকৰিবলগীয়া যে, আহমেদাবাদ ফ্ৰেঞ্চাইজীৰ মালিকীস্বত্ব আছে চিভিচি কেপিটেলৰ হাতত। দলটোৰে কিছু জটিলতা থকাৰো হনুবাৰ্তা ওলাইছিল। তেওঁলোকে এটা বেটিং কোম্পানীত বিনিয়োগ কৰা বুলিও উঠিছিল অভিযোগ। কিন্তু সকলো দিশ পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত আইপিএল পৰিচালনা পৰিষদে দুয়োটা ফ্ৰেঞ্চাইজীক খেলিবলৈ অনুমতি দিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular