শোকাৱহ! গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই

575
প্ৰাক্তন মুখ্যমন্ত্ৰী
শোকাৱহ! গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই

ডিজিটেল ডেস্কঃমেঘালয়ত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ ফাৰ্ডিনান্দ বি লিংডোৱে৷ পথত বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰজনে৷তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক আছিল ফাৰ্ডিনান্দ বি লিংডো৷

নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ।শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাৰ স্থান তুৰা-শ্বিলং পথৰ উমডেন৷ জানিব পৰা মতে, দীঘলীয়া যাত্ৰা কৰি ভাগৰ লগাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণি লৈছিল ফাৰ্ডিনান্দ বি লিংডোৱে। সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু প্ৰচণ্ড বিস্ফোৰণ ঘটে।এই ঘটনাত লগেলগে প্ৰাণ হেৰুৱায় লিংডোৱে৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ৷