spot_img
27 C
Guwahati
27 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়াচিকুটি লাও বুঢ়া কৰিছে আফগানিস্তানে, পলকতে ভাৰতক কৰিব পাৰে পৰাস্ত…

চিকুটি লাও বুঢ়া কৰিছে আফগানিস্তানে, পলকতে ভাৰতক কৰিব পাৰে পৰাস্ত…

নতুন দিল্লীঃ আফগানিস্তানৰ দৰে নৱজাত দল এটাই পলকতে পৰাস্ত কৰিব পাৰে ভাৰতক! সন্মানৰক্ষাৰ যুঁজত কোহলী ব্ৰিগেডে ধৰি ৰাখিব পাৰিবনে মান? টি-২০ বিশ্বকাপত প্ৰত্যাশিত প্ৰদৰ্শন আগবঢ়াব পৰা নাই ভাৰতে। চলিত বিশ্বকাপত বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে প্ৰথমবাৰৰ বাবে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ হাতত পৰাজিত হয়। কেৱল পাকিস্তানেই নহয়, ভাৰতেও গ্ৰুপৰ অন্যতম শ্ৰেষ্ঠ দল নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ দ্বিতীয়খন মেচত পৰাজিত হৈছিল। পাকিস্তান-নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পাছত বিপদত পৰিছে কোহলী। ভাৰতে আফগানিস্তান, নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে অন্তিম ৩খন মেচ বৃহত ব্যৱধানত জিকিব নোৱাৰিলে বিশ্বকাপৰ পৰা বাহিৰ হ’ব লাগিব টীম ইণ্ডিয়া। ভাৰতে আজি আফগানিস্তানৰ সৈতে খেলিব। অতীতৰ সমীকৰণ আৰু অভিজ্ঞতাৰ পৰা আফগানিস্তানতকৈ এখোজ আগবাঢ়ি আছে ভাৰত।

কিন্তু চলিত বিশ্বকাপত আফগানিস্তানৰ উন্নত প্ৰদৰ্শনে বিপদতত পেলাব পাৰে কোহলী বাহিনীক। মহম্মদ নবী নেতৃত্বাধীন দলটোৱে স্কটলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন খেলত ১৩০ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন মেচত পৰাজিত হ’লেও চমকপ্ৰদ প্ৰদৰ্শনে মুগ্ধ কৰিছে সকলোকে।তিনিখন খেলৰ দুখনত জয়লাভ কৰি গ্ৰুপৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে আফগানিস্তান। চিকুটি লাও বুঢ়া কৰা আফগানিস্তান সম্প্ৰতি অনন্য নজিৰ সৃষ্টি কৰিছে। আফগানিস্তান ক্ৰিকেট দলেও এই মুহূৰ্তত ভাৰতক পৰাস্ত কৰিব পাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই কথা উল্লেখ কৰি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে টুইটাৰত লিখিছে যে, ‘আজি ভাৰতৰ বাবে এটা উল্লেখযোগ্য দিন। অধিক সতৰ্ক আৰু সাৱধান হৈ খেলিব লাগিব। অৱশ্যে, আফগানিস্তানে ভাৰতক পৰাস্ত কৰিব পাৰে। গতিকে, সুক্ষ্ম ৰণনীতিৰে আগবাঢ়িুব লাগিব আৰু বেটৰ পৰা ৰান আহিব লাগিবই।’ পাছে ক্ৰীড়ানুৰাগীৰ মাজলৈ আহিব নে ভাৰত বিজয়ৰ সেই আকাংক্ষিত খবৰ?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular