spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeক্ৰীড়াবাৰ্চিলোনাৰে কিয় একাষৰীয়া হৈছিল মেছী? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

বাৰ্চিলোনাৰে কিয় একাষৰীয়া হৈছিল মেছী? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

নতুন দিল্লীঃ তাৰকা ফুটবলাৰ লিঅ’নেল মেছীয়ে কিয় এৰিছিল বাৰ্চিলোনা? বাৰ্চিলোনাই লিঅ’নেল মেছীক কিয় ধৰি ৰাখিব নোৱাৰিলে সেই বিষয়ে বিস্ফোৰক তথ্য দিছে লা-লীগাৰ সভাপতি জেভিয়েৰ টেবাছে । টেবাছৰ দাবী ৰিয়েল মাদ্ৰিদৰ সভাপতি ফ্লোৰাণ্টিনো পেৰেজৰ প্ৰভাৱৰ বাবেই বাৰ্চিলোনাৰ সভাপতি লামোৰ্টাই লিঅ’নেল মেছীক দলত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে। টেবাছৰ মতে, ১৪০০ নিযুত ইউৰো ঋণত ডুব যোৱা বাৰ্চিলোনাৰ সভাপতি ছেৰহিঅ’ গুয়েৰেৰো আৰু মেম্ফিছ ডিকপাইৰ বাবেই মেছীক ধৰি ৰাখিব নোৱাৰিলে। লা-লীগাৰ সভাপতিজনে স্পেনিছ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে এনে বিস্ফোৰক তথ্য পোহৰলৈ আনিছে। লাপোৰ্টাৰ সৈতে ফোনযোগে বাৰ্তালাপো কৰিছিল টেবাছে।

টেবাছে কয়, ‘লাপোৰ্টাই মেম্ফিছ আৰু গুয়েৰেৰোৰ দৰে খেলুৱৈসকলক স্বাক্ষৰ নকৰাহেঁতেন তেওঁলোকে মেছীক ধৰি ৰাখিব পাৰিলেহেঁতেন।’ উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত বাৰ্চিলোনাৰ সভাপতি লাপোৰ্টাই মেছীক দিছিল লোভনীয় সুযোগ। মেছীয়ে লা-লীগাৰ ব্যৱসায়ৰ ১০ শতাংশ ছিভিছি কেপিটেল পাৰ্টনাৰ্ছক বিক্ৰী কৰাৰ প্ৰস্তাৱত সন্মত হয় তেন্তে তেওঁ ধৰি ৰাখিব পাৰিব বুলি প্ৰকাশ পাইছিল। লা-লীগাৰ সভাপতিজনে চুক্তিখন অস্বীকাৰ কৰাৰ বাবে বাৰ্চিলোনাৰে তীব্ৰ বিতৰ্কত সাঙোৰ খাই পৰিছিল দুয়োখন বৰ্ড। তেনে পৰিপ্ৰেক্ষিতত লা-লীগাৰ সভাপতিৰ শেহতীয়া বিস্ফোৰক তথ্যই কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular