spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeৰাষ্ট্ৰীয়ব্যতিক্ৰমী ৰূপত মন্ত্ৰী কিৰেণ ৰিজিজু: ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

ব্যতিক্ৰমী ৰূপত মন্ত্ৰী কিৰেণ ৰিজিজু: ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

ডিজিটেল: উত্তৰ-পূব বুলিলেই সংস্কৃতিৰ সমাহাৰ৷ বিভিন্ন জাতি-জনজাতীয় লোকৰ পৰম্পৰাগত নৃত্য-গীতে চহকী কৰে উত্তৰ-পূবৰ সাংস্কৃতিক মঞ্চ৷ অতীতৰেপৰা উত্তৰ-পূৰ্বাঞ্চলে বহন কৰি আহিছে সমন্বনয়ৰ ধাৰা৷ নানান জাতি-জনজাতিৰ পৰম্পৰাগত গীত-মাতে এক অতুলনীয় মৰম-চেনেহ আৰু ভাতৃত্ববোধৰো সংজ্ঞা দি যায়৷

অসমৰ বিহু নাচ, মণিপুৰৰ ৰাসলীলা নৃত্য, অৰুণাচল প্ৰদেশৰ পপীৰ, বুয়া নৃত্য ইত্যাদি৷ উত্তৰ-পূৰ্বাঞ্চলৰ নৃত্য-গীতে প্ৰদান কৰা সমন্বয়ৰ ধাৰা সমগ্ৰ দেশতেই চৰ্চিত৷ পিছে এইবাৰ এটি নৃত্য কৰি ছ’চিয়েল মিডিয়াত ব্যাপক সমাদৰ লাভ কৰিছে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে

তেওঁ টুইটাৰযোগে শ্বেয়াৰ কৰা এটি ভিডিঅ’ৰ পাছতেই তোলপাৰ লাগে সমগ্ৰ ছ’চিয়েল মিডিয়াত৷ তেওঁ অৰুণাচল প্ৰদেশৰ এটি জনজাতীয় নৃত্য শ্বেয়াৰ কৰিছিল তেওঁৰ টুইটাৰ হেণ্ডেলাৰটোত৷ তেওঁ পোষ্টটোত লিখে যে, ‘বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰকল্পৰ নিৰীক্ষণৰ বাবে মই সুন্দৰ কাজালাং গাঁও ভ্ৰমণৰ কৰিছিলো। তেওঁলোকৰ পৰম্পৰা অনুসৰি, সজোলাঙৰ পৰম্পৰাগত নৃত্য পদশন কৰো।’ তাৰ পাছতেই ছ’চিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ কৰে মন্ত্ৰীগৰাকীয়ে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular