spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিক৬০ৰ ঊৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

৬০ৰ ঊৰ্ধ্বৰ ব্যক্তিৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

গুৱাহাটীঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী সৰব হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক অমানৱীয় কাণ্ড। ৬০ৰ ঊৰ্ধ্বৰ লম্পট এজনে এগৰাকী ১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰে। স্থানীয় মহিলা সমিতিৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। এই জঘন্য ঘটনা সংঘটিত হৈছে মহানগৰীৰ নুনমাটিৰ মঠঘৰীয়াৰ শংকৰ নগৰত।

কিশোৰীগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় মহিলা সমিতিয়ে কাষ চাপিছে আৰক্ষীৰ। মহিলা সমিতিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। এই জঘন্য কাণ্ড সংঘটিত কৰা ৬০ৰ ঊৰ্ধ্বৰ লম্পটজন নুনমাটি থানাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেন বৰ্মন বুলি আমাৰ সাংবাদিকে জনাইছে। অভিযোগ অনুসৰি মহানগৰীৰ মঠঘৰীয়াৰ শংকৰ নগৰৰ বাসিন্দা তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেন বৰ্মনে ৩মাহ পূৰ্বে ওচৰৰে এগৰাকী ১২ বছৰীয়া শিশুক গাড়ীত ফুৰাবলৈ নি উপৰ্যুপৰি বলাৎকাৰ কৰে।


পাছত কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে। স্থানীয় মহিলা সমিতিৰ লোকসকলে কিশোৰীগৰাকীক সোধা-পোছা কৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লগে লগে ঘটনাটো বনজুইৰ দৰে বিয়পি পৰাত শংকৰ নগৰ মহিলা সমিতিয়ে ঘটনাটোত হস্তক্ষেপ কৰে। আৰু নুনমাটি থানা আৰু চাইল্ড লাইনক অৱগত কৰে। অভিযোগ মতে এই বিষয়ে জানিবলৈ পাৰি লম্পট সুৰেন বৰ্মনে শিশুটিক গৰ্ভপাত কৰে। লম্পট সুৰেন বৰ্মনে ভুক্তভোগী পৰিয়ালক ঘটনাটো গাপ দিবলৈ ভাবুকি প্ৰদান কৰা বুলি স্থানীয় মহিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে। ঘটনা সন্দৰ্ভত শংকৰ নগৰ মহিলা সমিতিয়ে আৰক্ষীৰ লগতে চাইল্ডলাইনতো দাখিল কৰিছে অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্র চাঞ্চল্যই বিৰাজ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular