spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeব্ৰেকিং নিউজপ্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰপাছত চোকা অস্ত্ৰৰে যৌনাংগত আঘাত; আঢ়ৈ ঘণ্টা ধৰি চলিল...

প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰপাছত চোকা অস্ত্ৰৰে যৌনাংগত আঘাত; আঢ়ৈ ঘণ্টা ধৰি চলিল অস্ত্ৰোপচাৰ

ৰাজস্থানঃ দেশত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পাছত চোকা অস্ত্ৰৰে যৌনাংগত আঘাত কৰাৰ দৰে মৰ্মান্তিক ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আলৱাৰ জিলাত। জানিবলৈ পোৱা মতে, ১৬ বছৰীয়া কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে সদৰী কৰা মতে, বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক তিলজাৰা উৰণীয়া সেঁতুৰ তলত তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল। অভিযুক্তজনে দলবদ্ধ ধৰ্ষণৰ পাছত কিশোৰীগৰাকীৰ যৌনাংগত চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰা বুলিও দাবী কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, কিশোৰীগৰাকীক মঙলবাৰে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ আলৱাৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকসকলে কিশোৰীগৰাকীৰ ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰিলে।

পৰৱৰ্তী সময়ত তেওঁক জয়পুৰৰ জেএন লোক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঢ়ৈ ঘণ্টা ধৰি চলা অস্ত্ৰোপচাৰৰ পাছতো সংকটজনক অৱস্থাত চিকিৎসালতে ভৰ্তি হৈ আছে কিশোৰীগৰাকী।পৰীক্ষা-নিৰক্ষাৰ অন্তত চিকিৎসকে কয়, ‘কিশোৰীগৰাকীৰ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ অংগত আঘাতৰ চিন স্পষ্ট। যৌনাংগত পোৱা গৈছে চোকা অস্ত্ৰ।’ সম্প্ৰতি কিশোৰীগৰাকীৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিছে চিকিৎসালয়ৰ চিকিৎসক অৰবিন্দ শুক্লাই। অৱশ্যে, আৰক্ষীয়ে এতিয়াও ঘটনাত অভিযুক্ত দোষীক আটক কৰিব পৰা নাই। আৰক্ষীয়ে সদৰী কৰা মতে, ঘটনাস্থলীৰ পৰা ২৫ কিলোমিটাৰ এলেকা আৱৰি থকা ৩০০ তকৈও অধিক চিচিটিভি পৰীক্ষা কৰা হৈছে। ইফালে, ৰাজস্থানৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী মমতা ভূপেশে অভিযুক্তজনক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালক ৬ লাখ টকাৰ এককালীন সাহায্যৰ ঘোষণা কৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular