spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়'এতিয়া যোৱাৰ সময়'! দুৰ্ঘটনাত মৃত্যুৰ পূৰ্বে দিয়া মোহময়ী মডেলৰ ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল

‘এতিয়া যোৱাৰ সময়’! দুৰ্ঘটনাত মৃত্যুৰ পূৰ্বে দিয়া মোহময়ী মডেলৰ ইনষ্টাগ্ৰাম পোষ্ট ভাইৰেল

ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত সোমবাৰে মৃত্যুক আঁকোৱালি লয় দুগৰাকী প্ৰতিভাৱান মোহময়ী মডেলে। মৃত মডেল দুগৰাকীৰ নাম আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান। আনচি কবীৰে মিছ চাউথ ইণ্ডিয়া ২০২১ আৰু মিছ কেৰালা ২০১৯ৰ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। আনহাতে অঞ্জনা শ্বাহজাহান মিছ কেৰালা ২০১৯ৰ ৰানাৰ-আপ আছিল। মডেলিং জগতত দুয়ো সুপৰিচিত আছিল। কেৰেলাৰ ভিট্টিলা কোচিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এই দুয়োগৰাকী মডেলে মৃত্যুক সাবটিলে।

সাবটিলে
সোঁফালে আনচি কবীৰ বাওঁফালে অঞ্জনা শ্বাহজাহান

আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানে এখন বাহনেৰে আহি আছিল। হঠাতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু এখন দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে। ইয়াৰ ফলত দুয়ো ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গছজোপাত মৰা খুন্দা ইমানেই ভয়ংকৰ আছিল যে বাহনখন বহু ওপৰলৈ উৰি ছিটিকি গৈছিল। কোচিৰ এটা ফটোশ্বুটত ভাগ লৈ আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰলৈ গৈ আছিল।এইখিনিতে আনচি কবীৰে মৃত্যুৰ পূৰ্বে দিয়া শেষৰটো ইনষ্টাগ্ৰাম পোষ্টে সকলোকে আৱেগিক কৰি তুলিছে।

অভিশপ্ত বাহনখন আৰু আনচি কবীৰ

২৫ বছৰীয়া মোহময়ী আনচি ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আছিল। আনচিৰ অন্তিম ইনষ্টাগ্ৰাম পোষ্টটোৱে মানুহৰ হৃদয় স্পৰ্শ কৰিছে আৰু ই ইণ্টাৰনেটত ভাইৰেল পৰিছে। আনচিয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁক সেউজ প্ৰকৃতিৰ মাজে মাজে এক সুন্দৰ পৰিৱেশ উপভোগ কৰা দেখা গৈছিল।

আৰু পঢ়কঃ চাহৰ দোকানত ট্ৰাকৰ প্ৰচণ্ড খুন্দা;চাহৰ সোৱাদ লৈ থকা ৬ জনৰ কৰুণ মৃত্যু

‘It’s time to go’ আনচি কবীৰৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্ট

আনচিয়ে কেপচ্যনত লিখিছিল,’It’s time to go’ অৰ্থাৎ “এতিয়া যোৱাৰ সময়।” এনেকৈ কোৱা আনচি কবীৰ সঁচাকৈয়ে গুচি গ’ল সকলোকে কন্দুৱাই। আনচিৰ এই ভিডিঅটোৰ কেপচ্যন দেখাৰ পাছত পুনৰবাৰ শোকত ভাগি পৰিল বন্ধু আৰু অনুৰাগীসকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular