spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকী প্ৰতিভাৱান মডেলে

ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকী প্ৰতিভাৱান মডেলে

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিলে দুগৰাকীকৈ প্ৰতিভাৱান মডেলে। মৃত মডেল দুগৰাকীৰ নাম আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান। আনচি কবীৰে মিছ চাউথ ইণ্ডিয়া ২০২১ আৰু মিছ কেৰালা ২০১৯ৰ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। আনহাতে অঞ্জনা শ্বাহজাহান মিছ কেৰালা ২০১৯ৰ ৰানাৰ-আপ আছিল। মডেলিং জগতত দুয়ো সুপৰিচিত আছিল।

ফটোত বাওঁফালে অঞ্জনা শ্বাহজাহান আৰু সোঁফালে আনচি কবীৰ

সোমবাৰে কেৰেলাৰ ভিট্টিলা কোচিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এই দুয়োগৰাকী মডেলে মৃত্যুক সাবটিলে । আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানে এখন বাহনেৰে আহি আছিল। হঠাতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু এখন  দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে। ইয়াৰ ফলত দুয়ো ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গছজোপাত মৰা খুন্দা ইমানেই ভয়ংকৰ আছিল যে বাহনখন বহু ওপৰলৈ উৰি ছিটিকি গৈছিল। কোচিৰ এটা ফটোশ্বুটত ভাগ লৈ আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰলৈ গৈ আছিল।

অকালতে হেৰাই গ’ল দুই প্ৰতিভা

আৰু পঢ়কঃ এজন মুছলিম ভক্তক লৈ বিতৰ্ক! মন্দিৰৰ পুৰোহিতে ক’লে ‘তেওঁ মহাকালৰ পৰম ভক্ত’

অভিশপ্ত বাহনখন

আনচি কবীৰ তিৰুৱন্তপুৰমৰ আছিল আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰৰ আছিল। দুয়োৰে মাজত আছিল খুব ভাল বন্ধুত্ব। ২০১৯ চনত মিছ কেৰালা সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লোৱাৰ সময়ত দুয়ো বন্ধু হৈ পৰিছিল। আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গ আৰু অনুৰাগীসকল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular