spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeৰাষ্ট্ৰীয়দেৱালীত সন্ধানহীন হৈছিল যুৱতী; ৰহস্যময় পৰিস্থিতিত উদ্ধাৰ মৃতদেহ, বেগত হাজাৰ হাজাৰ টকা…

দেৱালীত সন্ধানহীন হৈছিল যুৱতী; ৰহস্যময় পৰিস্থিতিত উদ্ধাৰ মৃতদেহ, বেগত হাজাৰ হাজাৰ টকা…

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ২১বছৰীয়া এগৰাকী যুৱতী। নানা বিচাৰ-খোঁচাৰ কৰিও সন্ধান লাভ কৰাটো সম্ভৱ হোৱা নাছিল যুৱতীগৰাকীৰ। যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰাৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে। কিন্তু অৱশেষত অতি ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ বুদাউন জিলাৰ এখন মধুৰিয়ামৰ বাগানৰ ভিতৰত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

আচৰিত কথাটো হ’ল তেওঁৰ হেণ্ডবেগত ৮৫হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে। ৮৫হাজাৰ টকা, আধাৰ কাৰ্ড আৰু কিছু পৰিমাণৰ গহনা উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে পৰি থকা হেণ্ডবেগত। ইয়াৰ ফলত হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। আৰক্ষীয়ে সন্দেহ কৰিছে যে, যুৱতীগৰাকী হয়তো অন’ৰ কিলিঙৰ বলি হ’ব পাৰে বা তেওঁ যাৰ সৈতে পলায়ন কৰিছিল সেইজন লোকেই হত্যা কৰি পেলাই থৈ যাব পাৰে। যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

যুৱতীগৰাকীৰ পিতৃয়ে সদৰি কৰা মতে, যুৱতীগৰাকী বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল। বৃহস্পতিবাৰে দেৱালীৰ প্ৰাৰ্থনাৰ পাছৰে পৰা তেওঁক বিচাৰি পোৱা নাছিল পৰিয়ালৰ লোকে। কিন্তু তেওঁ নোহোৱা হোৱাৰ খবৰ ওচৰ-চুবুৰীয়াৰ মাজত বিয়পি যাব বুলি ভাবি আৰক্ষীক পৰিয়ালৰ লোকে এই বিষয়ে অৱগত কৰা নাছিল। তেওঁলোকে নিজেই বিচাৰ-খোচাৰ কৰি থকা বুলি বুদাউনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে। যুৱতীগৰাকীৰ পিতৃয়ে স্থানীয় লোকৰ হাততে তেওঁৰ কন্যাৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে। ইতিমধ্যে আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে আৰু যুৱতীগৰাকীৰ মৃতদেহৰ পোষ্টমৰ্টেম কৰাৰ ব্যৱস্থা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular