spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিককৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতা পথত নিৰুদ্দেশ যুৱক : ক'লৈ গ'ল মুকালমুৱাৰ...

কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতা পথত নিৰুদ্দেশ যুৱক : ক’লৈ গ’ল মুকালমুৱাৰ ছহিদুল

ডিজিটেল ডেস্ক : এজন যুৱকৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি এটি পৰিয়ালত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ জানিব পৰা মতে, চেন্নাইৰ কৰ্মস্থলীৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত ৰে’লতেই নিৰুদ্দেশ হয় যুৱকজন। নিৰুদ্দেশ হোৱা যুৱকজন হৈছে মুকালমুৱাৰ কান্ধবাৰীৰ ছহিদুল ইছলাম। প্ৰায় এমাহ পূৰ্বে চেন্নাইত গৈ এটা সূতাৰ কোম্পানীত কাম কৰিছিল যুৱকজনে।

দৰমহা কম হোৱাত অন্য লোক কেইজনমানৰ লগত ঘৰলৈ উভতি আহিবলৈ ওলাই আহিছিল ছহিদুল ইছলামে। পৰিয়ালৰ লোকে সদৰি কৰা তথ্য অনুসৰি, বিগত ১৪ নৱেম্বৰত ৰে’লযোগে যাত্ৰা কৰিছিল ছহিদুলে। ১৫ নৱেম্বৰত নিশা ৰে’লত আটাইকেইজন লোকৰ সৈতে শুই আছিল  ছহিদুল। তাৰপাছৰে পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন ।

একেলগে ৰে’লত যাত্ৰা কৰা লোক কেইজনে ৰে’লত নাপাই চাৰিওফালে অনুসন্ধান কৰে যদিও কোনো সন্ধান উলিয়াৱ পৰা নাই তেওঁৰ৷ অৱশেষত ছহিদুল ইছলামৰ পৰিয়ালক ঘটনাৰ সকলো কথা বিৱৰী কয় লোক কেইজনে। উপায়ন্তৰ হৈ ছহিদুলৰ সন্ধান বিচাৰি মুকালমুৱা আৰক্ষীক লিখিত আবেদন জনাই পৰিয়ালৰ লোকে। লগতে কোনো লোকে ছহিদুলৰ সম্ভেদ পালে পৰিয়ালৰ 7002982033 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular