spot_img
16 C
Guwahati
16 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeক্ৰীড়াভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ নতুন কৃতিত্ব

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ নতুন কৃতিত্ব

নতুন দিল্লী : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে গঢ়িলে অন্য এক ৰেকৰ্ড। ক্ৰিকেটৰ সকলো প্ৰকাৰৰ ফৰ্মেট মিলি সৰ্বাধিক ৰানৰ কৃতিত্ব অৰ্জন মিতালীৰ। ইংলেণ্ড দলৰ প্ৰাক্তন অধিনায়ক ছাৰ্লোটি এডৱাৰ্ডৰ্ছৰ ৰেকৰ্ড অতিক্ৰম কৰিছে মিথালীয়ে। আন্তৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটত এডৱাৰ্ডৰ্ছৰ ১০,২৭৩ৰানৰ ৰেকৰ্ড অতিক্ৰম কৰা মিতালীয়ে একমাত্ৰ বেটছমেন হিচাপে বিবেচিত হৈছে। খেলৰ ২৩ অভাৰত নেট ছিভাৰৰ বলত এটা বাউণ্ডেৰীৰে এই কৃতিত্ব অৰ্জন ভাৰতীয় দলৰ প্ৰখ্যাত বেটছমেনগৰাকীৰ।


ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়া খেলত মিতালীয়ে এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। দুখন এদিনীয়াত পৰাভূত হোৱাৰ পাছত ভাৰতীয় দলৰ বাবে এইখন আছিল সন্মানৰক্ষাৰ যুঁজ। খেলখনত প্ৰথমে বেট কৰি আটাইকেইটা উইকেট হেৰুৱাই ৪৭ অভাৰত ইংলেণ্ডে ২১৯ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতীয় দলে ৪৬.৩ অভাৰত ৬টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular