spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল

দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাৰ শীৰ্ষত মিজোৰামৰ ৰাজধানী আইজল

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে এক সুখবৰ। মিজোৰামে গঢ়িলে এক অনন্য অভিলেখ। দেশৰ ভিতৰতে কোন চহৰত বায়ুৰ মানদণ্ড সৰ্বশ্ৰেষ্ঠ তাক লৈ এক সমীক্ষা চলোৱা হৈছিল। মিজোৰামৰ ৰাজধানী চহৰ আইজলে ১৩২ খন ভাৰতীয় চহৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সদৰী কৰিছে এই তথ্য। আইজলৰ ২৪ ঘণ্টাৰ বায়ু মানদণ্ড সূচক ১৩ হিচাপে নথিভুক্ত কৰা হৈছিল।

আৰু পঢ়কঃ ‘মোৰ পত্নীয়ে পুৰুষক জালত পেলাই পাছত ব্লেকমেইলিং কৰে!’ পত্নীক গ্ৰেপ্তাৰৰ দাবী স্বামীৰ

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটাৰযোগে সকলোকে এই সুখবৰটো দিয়ে। এক টুইটযোগে তেওঁ কয়, “বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসামান্য সূচকৰ সৈতে আইজল হৈছে যোৱা ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড কৰা শীৰ্ষ ভাৰতীয় চহৰ।” এই খবৰে মিজোৰামবাসীক উৎফুল্লিত কৰি তুলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular