spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকমাতৃৰ সৈতে সময় অতিবাহিত কৰি আৱেগিক হৈ পৰিল বিধায়ক ভূৱন পেগু

মাতৃৰ সৈতে সময় অতিবাহিত কৰি আৱেগিক হৈ পৰিল বিধায়ক ভূৱন পেগু

ডিজিটেল ডেস্ক : ‘মেলিলোঁ প্ৰথম চকু, তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত…’- পিতৃ-মাতৃৰ স্নেহ আদৰৰ তুলনা ক’তো নাই৷ জীৱনৰ আদিপাঠ পিতৃ-মাতৃৰ সান্নিধ্যত লাভ হয়৷ কিন্তু ব্যস্ততাপূৰ্ণ জীৱনত আমি পাহৰি পেলাও পিতৃ-মাতৃৰ আদৰৰ কথা৷ যাৰবাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ বছৰৰ আৰম্ভণিতেই পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে৷ অসম চৰকাৰে নতুন বছৰৰ গ্ৰহণ কৰা এই নতুন পদক্ষেপক সন্মান জনাই পিতৃ-মাতৃৰ সৈতে সময় কটালে জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷

mla


শেহতীয়াকৈ ৬ আৰু ৭ জানুৱাৰী দিনটোত অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰী আৰু বিধায়ক, মন্ত্ৰীসকলক পিতৃ-মাতৃ সৈতে সময় কটোৱাবলৈ আহ্বান জনাইছিল৷ এই আহ্বানলৈ সঁহাৰি জনাই বিধায়ক ভূৱন পেগুৱে শুকুৰবাৰৰ দিনটো মাতৃৰ সৈতে কটায়। মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে পেগু উপস্থিত হয় আত্মীয় স্বজনৰ কাষতো৷ আনকি মাতৃক লগত লৈ বিধায়কজন উপস্থিত হয় অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা নামৰ গাঁওখনত৷ মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে বিধায়কজনে মাতৃক লগত লৈ আত্মীয়ৰ পৰিয়ালত উপস্থিত হয় আৰু লগেভাগে এসাঁজ গ্ৰহণো কৰে৷ বিধায়কজনৰ মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনে প্ৰশংসনীয় কাৰ্যসূচী হাতত লোৱা বাবে ধন্যবাদ জনায়৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular