বিধায়কৰ পত্নী-দেহৰক্ষীৰ দেহত কৰ’না ভাইৰাছ

গুৱাহাটী : মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পত্নী কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি জানিব পৰা গৈছে৷ ৰেপিড টেষ্টত পজিটিভ আহিছে বিধায়ক চক্ৰধৰ গগৈৰ পত্নী প্ৰহেলিকা শৰ্মাৰ৷ বৰ্তমান হোম আইছ’লেচনত আছে বিধায়কগৰাকীৰ পত্নী৷ ইপিনে বিধায়কৰ দেহৰক্ষী প্ৰদীপ গগৈও কৰ’নাত আক্ৰান্ত হোৱাত তেওঁক ক’ভিড চেণ্টাৰত ৰখা হৈছে৷ বুধবাৰৰ দিনটোত মৰাণত মুঠ ২৮জন আক্ৰান্ত হৈছে৷

আৰু পঢ়িব পাৰিব: নিশা মহানগৰীত জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ : এজাহাৰ দাখিল


ৰাজ্যত কৰ’নাৰ দ্ৰুতসংক্ৰমণ অব্যাহত আছে৷ এদিনতে কৰ’নাত আক্ৰান্ত ৪,৫৯৩গৰাকী লোক৷ বুধবাৰৰ দিনটোত সম্পন্ন হৈছিল ১,৪৩,১০৯টা ৰেপিড টেষ্ট৷ আক্ৰান্তৰ ৬৩২ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, কামৰূপ গ্ৰাম্যৰ ৪৬০গৰাকী, নগাঁৱৰ ৩৩৫, ডিব্ৰুগড়ৰ ২৬৫ জন৷ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯লৈ বৃদ্ধি পায় আৰু সুস্থ হৈ চিকিৎসালয় এৰিছে ৪৫,০৭৩ জনে৷ সম্প্ৰতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৩,৭৬২গৰাকী৷

আৰু পঢ়িব পাৰিব: ৰাজপথ নিৰ্মাণৰ নামত কোটি কোটি টকা আত্মসাৎ ঠিকাদাৰৰ

আনহাতে, ৰাজ্যত পুনৰ ৬গৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ পাছতে ৰাজ্যত মৃতকৰ সংখ্যা ১৬১লৈ বৃদ্ধি হয়৷ মৃত্যু কাছাৰৰ হিমাংশু দে’(৭০), কৰিমগঞ্জৰ দেৱব্ৰত চৌধুৰী (৪৯), ধেমাজিৰ ধৰ্মেশ্বৰ শৰ্মা (৫৬), কামৰূপ মেট্ৰ’ৰ এম আই হুছেইন (৫৮), ডিব্ৰুগড়ৰ বিশ্বজিৎ ঘোষ (৫৩) আৰু মহেশ বৰুৱাৰ (৬০) মৃত্যু৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES