spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআন্তঃৰাষ্ট্ৰীয়অদ্ভূত চখ! দেহৰ এক অংশও বাচি নোযোৱাকৈ টাটু অংকন যুৱতীৰ; বাচি নগ'ল...

অদ্ভূত চখ! দেহৰ এক অংশও বাচি নোযোৱাকৈ টাটু অংকন যুৱতীৰ; বাচি নগ’ল চকুও

ডিজিটেল ডেস্কঃ কিছুমান মানুহে নিজৰ জীৱনটো অলপ বেলেগকৈ উদযাপন কৰে। বেলেগতকৈ বেলেগ হৈ দেখুৱাবলে কিছুমানে অদ্ভূত চখ কিছুমানো পূৰণ কৰে। এগৰাকী মডেলে টাটু ইমানেই বেছি ভাল পায় যে গোটেই শৰীৰতে কৰি পেলালে টাটু অংকন। তেওঁৰ দেহৰ এনে কোনো অংগ নাই য’ত টাটু নাই। মডেলগৰাকীৰ নাম এম্বৰ লুক। ২৬ বছৰীয়া এম্বৰ লুক ‘টাটু মডেল’ নামেৰে জনাজাত। এম্বৰ লুকে নিজৰ ফটোবোৰ অনলাইনত বিক্ৰী কৰি ১.৫ কোটি টকাৰ অধিক উপাৰ্জন কৰিছে। তেওঁ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ বাসিন্দা। মডেলগৰাকীয়ে নিজৰ শৰীৰত আৰু বহুতো পৰিৱৰ্তন কৰিছে। কাণৰ তলৰ অংশটো প্ৰসাৰিত কৰিছে আৰু দীঘল কৰিছে। আনকি বাচি যোৱা নাই চকু দুটাও।

টাটু প্ৰেমৰ বাবে যেতিয়া এম্বৰে তেওঁৰ চকুৰ বগা অংশৰ ৰং নীলা কৰিছিল তেতিয়া তেওঁ কিছু সময়ৰ বাবে অন্ধ হৈ পৰিছিল। নিজক লৈ এম্বৰে কয় যে ‘আজি মই যি কৰি আছো তাৰবাবে মোৰ কোনো অনুশোচনা নাই। মোৰ চেহেৰাটো মোৰ নিজৰ খুব ভাল লাগে। নিজক পৰিৱৰ্তন কৰিলে যথেষ্ট আত্মবিশ্বাস বাঢ়ে।  এম্বাৰ লুকে প্ৰথমতে ভয় কৰিছিল যে তেওঁৰ শৰীৰত ইমানবোৰ টাটু অংকন কৰা বাবে তেওঁ কেতিয়াও চাকৰি নাপাব, কিন্তু সেয়া হোৱা নাছিল।

এম্বাৰ লুকে ছ’চিয়েল মিডিয়াত বহুতো ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ সুযোগ পায়, এম্বৰ লুকে বহুতো ব্যয়বহুল ফটোশ্বুটৰ বাব অফাৰ লাভ কৰিছে। মডেলগৰাকীয়ে তেওঁৰ ফটো অনলাইনত বিক্ৰী কৰি প্ৰায় ১৬৩ নিযুত টকা উপাৰ্জন কৰিছে বুলি দাবী কৰিছে। 

এম্বৰ লুকৰ পূৰ্বৰ চেহেৰা

এতিয়া তেওঁৰ সপোন হৈছে ২০২৩ চনত নিজৰ বাবে এটা ঘৰ কিনা।  এম্বাৰ লুকে তেওঁৰ ১৪ বছৰ বয়সত প্ৰথম টেটু আঁকিছিল। তেওঁ তেতিয়া হতাশাত ভুগি আছিল। প্ৰথম এটা টাটু অংকন কৰাৰ পাছতেই তেওঁৰ আত্মবিশ্বাস ঘূৰি আহিছিল আৰু পাছত লাহে লাহে তেওঁ সমগ্ৰ শৰীৰ টাটুৰে ভৰ্তি কৰি দিয়াৰ সিদ্ধান্ত লয়।

আৰু পঢ়কঃ অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular