spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়৭দিনে কান্ধত পিতৃ-মাতৃ : কোন এইজন নতুন শ্ৰৱন কুমাৰ?

৭দিনে কান্ধত পিতৃ-মাতৃ : কোন এইজন নতুন শ্ৰৱন কুমাৰ?

ডিজিটেল ডেস্ক : প্ৰথম পূজনীয় দেৱতা পিতৃ-মাতৃ। পিতৃ-মাতৃক কৰা সেৱাই হৈছে তেওঁলোকলৈ সন্তানে আগবঢ়োৱা সৰ্বোত্তম প্ৰতিদান।নিজৰ জীৱন তথা কৰ্মক প্ৰাধান্য দিয়া বহু পুত্ৰই জন্মদাতা পিতৃ-মাতৃক অৱহেলা কৰা ঘটনা এইখন সমাজত তেনেই সুলভ। যাৰ ফলত বৃদ্ধ পিতৃ-মাতৃৰ অন্তিম ঠিকনা হয়গৈ বৃদ্ধাবাস বা পদপথ। নিজৰ পিতা-মাতাৰ প্ৰতি কৰণীয় দায়িত্বৰ কথা আহিলেই আমাৰ সমাজত শ্ৰৱণ কুমাৰ সদায় উপমা হৈ আহিছে। সেই শ্ৰৱণ কুমাৰ আছিল ৰামায়ন যুগৰ। কিন্তু সময়ে সময়ে ভিন্নজন আধুনিক যুগৰ শ্ৰৱণ কুমাৰো দেখা গৈছে।

শ্ৰৱণ কুমাৰৰূপী আন এজন সুপুত্ৰই বৃদ্ধ পিতৃ-মতৃক কান্ধত কঢ়িয়াই ম্যানমাৰৰ পৰা বাংলাদেশৰ গন্তব্যস্থানলৈ লৈ যায়। দুটা খৰাহীত পিতৃ-মতৃক বহুৱাই কান্ধত ভাৰ বান্ধি ৭ দিন ধৰি খোজকাঢ়ি যুৱকজনে নিজৰ গন্তব্যস্থান পায়। বৃদ্ধ দম্পতীহাল লৰচৰ কৰিবলৈ অপাৰগ বুলি তথ্যত প্ৰকাশ। আৰপিজি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ ৱৰ্ধন গোৱেংকাই শ্বেয়াৰ কৰা এই হৃদয় বিগলিত কৰা ফটোখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যুৱকজনৰ এই কৰ্মই ঘৃণা আৰু লোভৰ পৃথিৱীত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular