spot_img
24.3 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeআঞ্চলিকমোদীৰ জন্মদিনত টিকাকৰণ : লক্ষ্য কিমান গুৱাহাটীত ?

মোদীৰ জন্মদিনত টিকাকৰণ : লক্ষ্য কিমান গুৱাহাটীত ?

গুৱাহাটী : ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত প্ৰতিষেধক প্ৰদানৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে চৰকাৰে৷ ১৭ ছেপ্টেম্বৰত হ’ব লগা মেগা টিকাকৰণ অভিযানত কামৰূপ মেট্ৰ’ জিলাত অতিকমেও ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে টিকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰত দেশজুৰি আয়োজন কৰা মেগা টিকাকৰণ অভিযানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠক হয়৷ স্বাস্থ্য বিভাগ আৰু এনজিঅ’সমূহৰে হোৱা এই বৈঠকত টিকাকৰণ অভিযানত এনজিঅ’সমূহক অধিক সক্ৰিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷


বিগত ২১ জুনত অংশ লোৱা কেন্দ্ৰসমূহ পুনৰ সক্ৰিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্ৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে৷ নিয়মীয়া সূচীৰ পৰিৱৰ্তে সেইদিনা পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ টিকাকৰণ কৰাৰ নিৰ্দেশ দিয়ে উপায়ুক্তই৷ লগতে কেতবোৰ নিৰ্বাচিত এইজিঅ’ত ২৪x৭ টিকাকৰণৰো নিৰ্দেশ দিয়া হয়৷ বৰ্তমানলৈকে মহানগৰৰ প্ৰায় ১১.৬৪ লাখ লোকে প্ৰথমপালি ভেকচিন লাভ কৰাৰ বিপৰীতে ৫.১৩ লাখ লোকে দ্বিতীয়পালি ভেকচিন লাভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.3 ° C
24.3 °
24.3 °
96 %
0.3kmh
100 %
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular