spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাষ্ট্ৰীয়মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! প্ৰধানমন্ত্ৰীৰে বৈঠক মুখ্যমন্ত্ৰীৰ

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ! প্ৰধানমন্ত্ৰীৰে বৈঠক মুখ্যমন্ত্ৰীৰ

নতুন দিল্লী : মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আসন্ন! নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পাছত
তেওঁৰ ধৰণে সজাই-পৰাই ল’ব মন্ত্ৰীসভাও। এই লক্ষ্যৰে শুকুৰবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছত প্ৰথমবাৰলৈ দিল্লীত উপস্থিত হৈছে বোম্মাই। বিয়লি ৪বজাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। নৱ অভিষিক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাকো সাক্ষাৎ কৰাৰ কথা।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকো সাক্ষাৎ কৰিব বোম্মাইয়ে। কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কীয় বিষয় বৈঠকত আলোচনা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular