spot_img
28 C
Guwahati
Friday, September 24, 2021
spot_img
Homeৰাষ্ট্ৰীয়প্ৰধানমন্ত্ৰীৰূপে অষ্টমবাৰলৈ পতাকা উত্তোলন কৰি ৰাষ্ট্রক সম্বোধি ভাষণ প্ৰদান মোদীৰ

প্ৰধানমন্ত্ৰীৰূপে অষ্টমবাৰলৈ পতাকা উত্তোলন কৰি ৰাষ্ট্রক সম্বোধি ভাষণ প্ৰদান মোদীৰ

নতুন দিল্লী : প্ৰধানমন্ত্ৰীৰূপে অষ্টমবাৰলৈ পতাকা উত্তোলন কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ ৰাষ্ট্রক সম্বোধি ভাষণ প্ৰদান কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ স্বাধীনতা আন্দোলনৰ প্ৰতিজন সেনানীক সশ্ৰদ্ধ স্মৰণ কৰে তেওঁ৷ কৰ’নাযোদ্ধালৈ লালকিল্লাৰ পৰা কৃতজ্ঞতা মোদীৰ৷ অলিম্পিকত পদকজয়ী এথলীটক ভাষণত প্ৰশংসা কৰিলে মোদীয়ে৷ হাততালিৰে পদকজয়ী এথলীটক অভিনন্দন জনায় তেওঁ৷ ৪৭ৰ বিভাজনত দুৰ্ভোগ ভোগা জনলৈকো স্মৰণ মোদীৰ৷ কৰ’নাৰ বিৰুদ্ধে সৰ্ববৃহৎ ভেকচিন প্ৰদান সূচী দেশত৷ ভাৰতত ৫৪ কোটিৰ অধিকলৈ ভেকচিন প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে মোদীয়ে৷

অমৃতকালৰ প্ৰতিজ্ঞাৰ সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ গাঁও-চহৰৰ প্ৰভেদবিহীন ভাৰতৰ প্ৰতিজ্ঞা কৰে তেওঁ৷ প্ৰতিজন নাগৰিকৰ সম-অধিকাৰৰ প্ৰতিজ্ঞা৷ দেশ নিৰ্মাণত প্ৰতিজন নাগৰিকৰ সম-অৱদানৰ প্ৰতিজ্ঞা৷ তেওঁৰ মতে, কল্যাণমূলক আঁচনিসমূহে স্পৰ্শ কৰিছে দৰিদ্ৰজনক৷ অমৃতকালৰ প্ৰতিজ্ঞা পূৰণৰ সময় সমাগত বুলি মন্তব্য মোদীৰ৷ দুৰ্নীতিমুক্তভাৱে আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰধানমন্ত্ৰীগৰাকীৰ৷

‘উন্নত চিকিৎসা, চিকিৎসা বিদ্যাৰ বৰ্ধিত আসন হৈছে৷ শীঘ্ৰেই প্ৰতি চিকিৎসালয়ত হ’ব অক্সিজেন প্লাণ্ট৷ উন্নয়ন সৰ্বস্পৰ্শী কৰাৰ বাবে চৰকাৰ ব্ৰতী’ বুলিও উল্লেখ কৰে মোদীয়ে৷ পূৰ্বোত্তৰ প্ৰসংগত বিশেষ মন্তব্য প্ৰধানমন্ত্ৰীৰ৷ ‘অষ্টলক্ষ্মীত যোগাযোগ আন্ত-গাঁথনি উন্নত হৈছে৷ সম্ভাৱনাৰে পৰিপূৰ্ণ পূৰ্বোত্তৰৰ প্ৰতিখন ৰাজ্য৷ হিমালয়, সাগৰৰ আশিসপুষ্ট ৰাজ্যসমূহো সম্ভাৱনাপূৰ্ণ৷ উন্নয়নত অৰিহণা যোগাইছে দেশৰ প্ৰতিটো প্ৰান্তই৷ ভোকেল ফৰ লোকেলৰ জৰিয়তে মহিলাই আত্মনিৰ্ভৰশীল হৈছে’ – বুলিও সদৰী কৰে তেওঁ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
30.4 °
28 °
78 %
0kmh
40 %
Fri
33 °
Sat
33 °
Sun
34 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular