spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাজনৈতিকদিল্লীত আজি মমতাই সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক !

দিল্লীত আজি মমতাই সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীক !

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত পুনৰ চৰ্চাত আহিছে মোদী-মমতা৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছৰে পৰা এই বিষয়টোক লৈ যথেষ্ট উত্তাল হৈ পৰিছে ৰাজনীতিৰ পথাৰ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে কলকাতাত জানিবলৈ দিয়া মতে বুধবাৰে দিল্লীত গৈ সাক্ষাৎ কৰিব দেশৰ প্ৰধানমন্ত্ৰীক৷

চাৰিদিনীয়া ভ্ৰমণসূচী লৈ দিল্লীত উপস্থিত হোৱা মমতা বেনাৰ্জীয়ে আজি সন্ধিয়া ৫বজাত সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীক৷ বিশেষকৈ ত্ৰিপুৰাত সংঘটিত হোৱা হিংসাত্মক কাৰ্য আৰু বিএছএফৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে মমতা বেনাৰ্জীয়ে৷

টি এম চিয়ে অভিযোগ কৰিছিল যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সঠিক নহয় আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন ইয়াত নিষিদ্ধ কৰা উচিত। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ৩৫৫ নং অনুচ্ছেদ কি হ’ল ? ত্ৰিপুৰালৈ কিমান জাননি প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে? – এইসমূহ প্ৰশ্ন উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular