spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়া‘ৰঙা গোলাপৰ থোপা নাই, কেক নাই…’ ছানিয়াৰ কেকে মান বচালে কোন ক্ৰিকেটাৰৰ?

‘ৰঙা গোলাপৰ থোপা নাই, কেক নাই…’ ছানিয়াৰ কেকে মান বচালে কোন ক্ৰিকেটাৰৰ?

নতুন দিল্লীঃ ছানিয়াৰ চমত্‍কাৰ। ছানিয়াৰ বাবেই মান ৰ’ল এগৰাকী ক্ৰিকেটাৰৰ। পাকিস্তানৰ অভিজ্ঞ অলৰাউণ্ডাৰ মহম্মদ হাফিজে ৪১ বছৰ বয়সতো প্ৰথম একাদশত স্থান লাভ কৰিছে। দলত সুযোগ পোৱাৰ পাছতে যুৱ ক্ৰিকেটাৰ সকলৰ সৈতে হৰ্ষবদনে খেলি গৈছে অভিজ্ঞ অলৰাণ্ডাৰ হাফিজে। ভাৰতৰ পাছতে ‌নিউজিলেণ্ডৰ বিৰুদ্ধেও আকাংক্ষিত অৱদান আগবঢ়াইছে পাক ক্ৰিকেটাৰ গৰাকীয়ে। সৰ্বোপৰি, ‘ওল্ড’ হাফিজে বিশ্বকাপৰ মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই অতি সুখী। ইমান সুখী যে হাফিজে তেওঁৰ পত্নীৰ জন্মদিনৰ তাৰিখ পৰ্যন্ত পাহৰি গৈছিল। উল্লেখ্য যে, হাফিজ বৰ্তমান তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে ডুবাইত আছে। ইমান ওচৰা-ওচৰিকৈ থকা পাছতো পাক অলৰাউণ্ডাৰজনে তেওঁৰ পত্নী নাজিয়াক জন্মদিনৰ শুভেচ্ছা জনাবলৈ পাহৰি গৈছিল।

ৰঙা গোলাপৰ থোপা নাই, কেক নাই…! ইয়াকে লৈ অভিমান হাফিজ পত্নীৰ। এই বিব্ৰত অৱস্থাৰ পৰা হাফিজক ৰক্ষা কৰিবলৈ ত্ৰাণকৰ্তা ৰূপত ধৰা দিয়ে তেওঁৰ সতীৰ্থ ছোৱেইব মালিকৰ পত্নী ছানিয়া মিৰ্জাই। ভাৰতীয় টেনিছ তাৰকা ছানিয়াই হাফিজ পত্নীৰ বাবে জন্মদিনৰ কেক লৈ গৈছিল। অৱশ্যে ছানিয়াৰ এই সৌজন্যতাৰ বাবে ধন্যবাদ দিবলৈ কুণ্ঠাবোধ কৰা নাছিল হাফিজে। জন্মদিনৰ দিনা এখন ফটো টুইট কৰি হাফিজে লিখে, ‘পত্নী নাজিয়া হাফিজক জন্মদিনৰ শুভেচ্ছা। মই পাহৰিলোঁ। কিন্তু এজন ত্ৰাণকৰ্তা হিচাপে সঠিক সময়ত জন্মদিনৰ কেকটো ব্যৱস্থা কৰি দিয়া বাবে মই ছানিয়াক ধন্যবাদ জনাইছো।’ স্বৰূপাৰ্থত, ছানিয়াৰ কেকেই হাফিজৰ মান বচালে। নহ’লে পত্নীৰ ৰণচণ্ডী মূৰ্তিত হাফিজৰ নাজল-নাথল অৱস্থা হোৱাটো খাটাঙেই আছিল…!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular