Google search engine
33 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeব্ৰেকিং নিউজআলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

গোৱালপাৰা : গোৱালপাৰা জিলাৰ ধূপধৰাত আলফাৰ নামত ধন দাবী ভুৱা আলফাৰ৷ বগা কাগজত আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এজন লোক। ধূপধৰাৰ মিলন সংঘ প্ৰাংগণত থকা দ্ৰোণ মেডিকেল ষ্টোৰৰ স্বত্ত্বাধিকাৰী পিংকু পোড্ডাৰক তিনি লাখ টকা দাবীৰে কোনো নথকা অৱস্থাত দ্ৰোণ মেডিকেল ষ্ট’ৰত ধন দাবী পত্ৰখন দলিয়াই থৈ গৈছিল গৌতম গুপ্তা নামৰ লোকজনে।

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সন্মুখত নতুন প্ৰত্যাহ্বান, সিংঘুত উত্তপ্ত পৰিস্থিত


আলফাৰ নামত ধনদাবী কৰা লোকজনৰ ঘৰ পশ্চিমবংগত৷ পূৰ্বে লোকজনে ধূপধৰাত ভাৰাতীয়া হিচাপে আছিল যদিও বৰ্তমান অভয়াপুৰীত ভাৰাতীয়া হিচাপে থাকে বুলি জানিব পৰা গৈছে৷ মাঘবিহুৰ সময়ৰ পৰাই ধূপধৰাৰ পূৰ্বৰ ভাড়াঘৰৰ মালিকৰ ঘৰত আহি আছিল লোকজন৷ ফাৰ্মাচীখনৰ স্বত্ত্বাধিকাৰীক দাবী কৰা ধন কাষৰ ডাষ্টবিনত থ’বৰ বাবে পত্ৰখনত লিখিছিল৷

আৰু পঢ়িব পাৰিব : ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

মেডিকেল ষ্টোৰখনত থকা চিচিটিভিত এই ধন দাবী পত্ৰখন গৌতম গুপ্তাই পেলাই থৈ যোৱা বুলি ধৰা পৰে৷ পিংকু পোড্ডাৰে বিষয়টি সন্দৰ্ভত মিলন সংঘৰ বিষয়ববীয়াক অৱগত কৰায় আৰু ঘটনা সম্পৰ্কে ধূপধৰা আৰক্ষী থানাত অৱগত কৰোৱাৰ পিছতে ধূপধৰাৰ আৰক্ষীৰ দল এটাই ধূপধৰাৰ কলিতাপাৰাৰ পৰা গৌতম গুপ্তাক আটক কৰি নিয়ে৷ প্ৰাথমিক তদন্তৰ পাছতে পিংকু পোড্ডাৰে দিয়া এজাহাৰৰ ভিক্তিত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে গৌতম গুপ্তাক।

RELATED ARTICLES

Today's Weather

Guwahati
haze
33 ° C
33 °
33 °
62 %
0kmh
75 %
Sat
31 °
Sun
33 °
Mon
33 °
Tue
32 °
Wed
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular