সমাজৰ আগত মুখ উলিয়াব নোৱাৰিম! ডকাইতি কাণ্ডত জড়িত যুৱকৰ মাতৃ-ভগ্নীৰ আত্মহত্যা

0
25611
আত্মহত্যা
সমাজৰ আগত মুখ উলিয়াব নোৱাৰিম! ডকাইতি কাণ্ডত জড়িত যুৱকৰ মাতৃ-ভগ্নীৰ আত্মহত্যা

ডিজিটেল ডেস্কঃ ”সমাজত আমি আৰু মূৰ তুলি জীয়াই থাকিব নোৱাৰো। আমি বৰ লাজত পৰিলোঁ…মানুহৰ আগত মুখ উলিয়াম কেনেকৈ!” এনেদৰে ছুইছাইড নোট লিখি আত্মহত্যা মাতৃ-কন্যাৰ৷ আত্মহত্যাকাৰীক আৰক্ষীয়ে সঞ্জু দেৱী আৰু ৰূপা কুমাৰী বুলি চিনাক্ত কৰিছে। ঘটনা অনুসৰি বিহাৰৰ মাধোৰা আৰক্ষী থানা অঞ্চলৰ পাথৰীত ৪০ লাখ টকাৰ এক ডাঙৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল।

৫ জনীয়া ডকাইতৰ দলটোত আছিল চনু পাণ্ডে নামৰ এজন যুৱক৷ চনু পাণ্ডে আৰু বাকী ডকাইতকেইজনে মুকুন্দ পাঠক নামৰ এজন যুৱকৰ পৰা ৪০ লাখ টকা লুটি নিয়ে৷ মুকুন্দ পাঠকে এক্সিছ বেংকৰ পৰা ৪০ লাখ টকা উলিয়াই অকলে ঘৰলৈ উভতিছিল৷ বেংকৰ পৰা প্ৰায় ২০০ মিটাৰ আগবাঢ়ি যাওতেই দুখন বাইকত অহা ৫ জন ডকাইতে তেওঁক আগভেটি ধৰে আৰু চোকা অস্ত্ৰ দেখুৱাই ৪০ লাখ টকা লুটি লৈ যায়৷ মুকুন্দ পাঠকে থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলায়৷ চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত ডকাইতৰ দলটোৰ মুখকেইখন ধৰা পৰে৷

সেই অনুসৰি চনু পাণ্ডেৰ ঘৰত তালাচী চলাওতে ৬ লাখ টকা আৰু চোকা অস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে৷ ঘটনাৰ বিষয়ে একো নজনা চনু পাণ্ডেৰ মাতৃ আৰু বায়েকে এই কাণ্ডত শোকত ভাঙি পৰে৷ তেওঁলোকে চনুৰ কাণ্ডত ইমানেই মানসিক আঘাত পায় যে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে৷ডিঙিত চিপ লৈ আত্মহত্যা কৰে সঞ্জু দেৱী আৰু ৰূপা কুমাৰীয়ে৷

আৰক্ষীয়ে তেওঁলোকৰ কোঠাত উদ্ধাৰ কৰা ছুইচাইড নোটত লিখা অনুসৰি, ”আমি আমাৰ ল’ৰাৰ কাণ্ডত অতি লজ্জিত৷ কোনোদিন আৰু আমি সমাজৰ আগত মুখ দেখুৱাব নোৱাৰিম৷ এনেদৰে জীয়াই থকাতকৈ আমি এই পৃথিৱীৰ পৰা চিৰবিদায় লোৱাৰ সিদ্ধান্ত ল’লো৷” চনু পাণ্ডে বৰ্তমান পলাতক অৱস্থাত আছে৷ আৰক্ষীৰ তদন্ত অব্যাহত৷