spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআন্তঃৰাষ্ট্ৰীয়লটাৰীয়ে ফুলালে ভাগ্য! মাতৃ-পুত্ৰ দুয়ো লটাৰীত পালে ৩০-৩০ লাখ টকা

লটাৰীয়ে ফুলালে ভাগ্য! মাতৃ-পুত্ৰ দুয়ো লটাৰীত পালে ৩০-৩০ লাখ টকা

ডিজিটেল ডেস্কঃ লটাৰী ফুলায় বহু লোকৰ ভাগ্য। ব্ৰিটেইনত মাতৃ আৰু পুত্ৰ দুয়োৱে ৩০-৩০ লাখ টকাৰ লটাৰী কৰে। এই খবৰে আনন্দিত কৰি তুলিছে মাতৃ-পুত্ৰ দুয়োকে। আশ্বৰ্যকৰ কথাটো হ’ল মাতৃগৰাকীয়ে জীৱনত আগতে কেতিয়াও লটাৰীৰ টিকট কিনা নাছিল। জীৱনৰ প্ৰথম লটাৰীত তেওঁ ৩০ লাখ টকা পাবলৈ সক্ষম হ’ল। পুত্ৰৰ অনুৰোধ ৰক্ষা কৰিহে মহিলাগৰাকীয়ে লটাৰীৰ টিকট ক্ৰয় কৰিছিল।

ব্ৰিটেইন মাৰ্চিচাইডৰ ৬০ বছৰীয়া কেথলিন মিলাৰে তেওঁৰ ৩৫ বছৰীয়া পুত্ৰ পলৰ জোৰত এটা লটাৰী টিকট কিনিছিল।লটাৰীৰ খেলখনত কেথলিন আৰু তেওঁৰ পুত্ৰ পলে দুয়োজনে ৩০-৩০ লাখ টকাৰ লটাৰী পাই সকলোকে আচৰিত কৰি তোলে। কেথলিনৰ ভাগ্য জিলিকি উঠাৰ সন্দৰ্ভত কয় যে মই লটাৰীৰ টিকট কেতিয়াও কিনি পোৱা নাছিলোঁ। মোৰ পুত্ৰই জোৰ দি ধৰাতহে মই লটাৰীৰ টিকটটো কিনিছিলো। পিপলছ পোষ্টকোড লটাৰী খেলিবলৈ মোৰ পুত্ৰই উৎসাহ যোগালে। জীৱনৰ প্ৰথম লটাৰীত ইমান টকা পাই সঁচাই মই ভাগ্যশালী বুলি অনুভৱ কৰিছোঁ। ভাগ্য নিজেই মোৰ ওচৰলৈ আগবাঢ়ি আহিল..সেয়ে ভগৱানক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আৰু পঢ়কঃ ‘মোৰ মৃত্যুৰ বাবে শাহু দায়ী’! হাতৰ তলুৱাত এনেদৰে লিখি আত্মহত্যা বোৱাৰীৰ

পুত্ৰ পলেও নিজৰ লগতে মাকৰ ভাগ্য দেখি আনন্দত আত্মহাৰা হৈ পৰিছে। পিপলছ পোষ্টকোড লটাৰী এম্বেচাডৰ মেট জনছনে কেথলিনৰ গ ঘৰলৈ গৈ টকাৰ চেক প্ৰদান কৰে। মেট জনছনে কয় যে পিপলছ পোষ্টকোড লটাৰী খেলখন খ্ৰীষ্টমাছৰ বিশেষ অভিযানৰ অংশ আছিল।ইয়াৰে প্ৰতিটো টিকটৰ কমেও ৩৩% দাতব্য প্ৰতিষ্ঠানলৈ যায় আৰু দাতব্য ধন সংগ্ৰহ কৰা হয়। 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular