spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকস্বামীৰ পৰকীয়া প্ৰেমৰ পৰিণতিত কৰুণ মৃত্যু ৫ মহীয়া সন্তানৰ মাতৃৰ

স্বামীৰ পৰকীয়া প্ৰেমৰ পৰিণতিত কৰুণ মৃত্যু ৫ মহীয়া সন্তানৰ মাতৃৰ

ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাওৰাচৰা গাঁৱত এটি পাঁচমহীয়া কন্যা সন্তানৰ মাতৃৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, শাওৰাচৰা গাঁৱৰ হজৰত আলিৰ পুত্র নোমাজ আলিৰ লগত বৰপেটা ৰোডৰ খৈৰাবাৰী গাঁৱৰ কৰিম আলীৰ কন্যা নুৰজাহান বিবাহপাশত আবদ্ধ হৈছিল।

কিন্তু বিয়াৰ পাছৰে পৰাই নুৰজাহান স্বামীগৃহত সন্মুখীন হৈছিল বিভিন্ন শাৰীৰিক তথা মানসিক অত্যাচাৰৰ। স্বামীগৃহৰ পৰিয়ালে শাৰীৰিকভাৱে নানা ধৰণৰ অত্যাচাৰ চলাইছিল নুৰজাহানৰ ওপৰত৷ শেহতীয়াকৈ জানিব পৰা মতে, স্বামী নোমাজ আলীৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক৷ অবৈধ পৰকীয়া প্ৰেমত লিপ্ত হৈ নোমাজ আলীয়ে নুৰজাহানক শাৰীৰিকভাৱে অত্যাচাৰ চলাইছিল আৰু এই পৰকীয়া প্ৰেমৰ বাবেই স্বামীয়ে পৰিকল্পিতভাবে হত্যা কৰে পাঁচ মহীয়া কন্যা সন্তানৰ মাতৃ নুৰজাহানক।

অৱশ্যে নোমাজ আলীৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যা কৰা নাই বুলি মন্তব্য কৰাৰ লগতে বিহপান কৰি আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে। সম্প্ৰতি স্বামী নোমাজ আলী পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ইফালে মৃত নুৰজাহানৰ পিতৃ পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ লগতে ঘটনাৰ উচিত তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular