spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকটকা-মাটিৰ বাবে বৃদ্ধা মাতৃক অত্যাচাৰ পুত্ৰ-বোৱাৰীৰ

টকা-মাটিৰ বাবে বৃদ্ধা মাতৃক অত্যাচাৰ পুত্ৰ-বোৱাৰীৰ

শোণিতপুৰ : এগৰাকী মহিলাৰ আটাইতকৈ গৌৰৱ আৰু আনন্দৰ দিনেই হৈছে মাতৃত্ব অৰ্জনৰ দিন৷ কিন্তু সেই সন্তানৰ পৰাই যদি মাতৃয়ে অত্যাচাৰৰ সন্মুখীন হ’ব লগা হয় তেন্তে ইয়াতকৈ মৰ্মান্তিক কি হ’ব পাৰে৷ এগৰাকী বৃদ্ধা মাতৃয়ে পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি কাষ চাপিছে আৰক্ষীৰ৷ ৰঙাপৰা নীলবস্তীৰ ২ নং ৱাৰ্ডৰ থৰক-বৰক খোজৰে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত উপস্থিত হোৱা ৭০ উৰ্দ্ধৰ মহিলা গৰাকীৰ নাম পমিলা দাস।

এই বৃদ্ধ বয়সত এই গৰাকী বৃদ্ধাই অনাই বনাই কেতিয়াবা আশ্ৰমত, কেতিয়াবা লোকৰ ঘৰত থাকিবলৈ বাধ্য হৈছে। বোৱাৰীৰ অত্যাচাৰ, পুত্ৰৰ অমানৱীয় কাৰ্য আৰু তিনি গৰাকীকৈ বিয়া পতা স্বামীৰ নিৰ্যাতনত দুচকুৰ পানী চকুতে শুকাইছে। সহায় বিচাৰি সাংবাদিকৰ কাষ চপা এইগৰাকী আইতাই বোৱাৰীৰ নামত নিজৰ নামত থকা মাটি লিখি দিব লাগে বুলি অভিযোগ কৰিছে৷ যাৰবাবে বোৱাৰীয়ে নিজ শাহুক অত্যাচাৰ চলাই।

আনকি, সাত লাখ টকাৰ বাবে পুত্ৰই মাতৃক মিছাকৈ মৰা বুলিও ৰাজহ বিভাগত জনাইছিল। ইউনিয়নৰ তৰফৰ পৰা শোণিতপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত আৰক্ষীয়ে আইতাক লৈ যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular