spot_img
28 C
Guwahati
Saturday, September 18, 2021
spot_img
Homeআঞ্চলিকশোকাৱহ! পুত্ৰসহ পুখুৰীত জাঁপ মহিলাৰ

শোকাৱহ! পুত্ৰসহ পুখুৰীত জাঁপ মহিলাৰ

বজালী: ৰাজ্যত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা! বজালীৰ সৰুপেটাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা৷ এটি কণমানি শিশু আৰু মাতৃ পুখুৰীত জাঁপ দি আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সৰুপেটাৰ নাগিনীকুৰত সংঘটিত হৈছে এই শোকৱহ ঘটনাটো৷

সৰুপেটাৰ দক্ষিণ ভলাগুৰিৰ মহাদেৱ বৰ্মনৰ পত্নী মালবিকা বৰ্মন আৰু তিনি বছৰীয়া শিশুটিক লগত লৈ আত্মহত্যা কৰে তেওঁ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা ঘৰৰ পৰা ওলাই গৈছিল মালবিকা৷ মালবিকা আৰু তেওঁৰ সন্তানক স্বামী মহাদেৱ বৰ্মনে বিচাৰ-খোচাৰ কৰিছিল৷

উপায়ান্তৰ হৈ বজালী আৰক্ষীচকীত খবৰ দিয়ে৷ অৱশেষত নিশাই পুখুৰীত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ৷ ঘটনাস্থলীত বজালী আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ লগতে উপস্থিত হয় স্থানীয় লোকসকল৷ তদন্তৰ পাছতহে আত্মহত্যাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular