spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeৰাষ্ট্ৰীয়কোটিপতি স্বামীক এৰি অটোচালকৰ লগত পলাই গ’ল পত্নী! লগত নিলে...

কোটিপতি স্বামীক এৰি অটোচালকৰ লগত পলাই গ’ল পত্নী! লগত নিলে…

ডিজিটেল ডেস্কঃ এক আজৱ খবৰ পোহৰলৈ আহিছে। সাধাৰণতে নাৰী সমাজৰ প্ৰতি অভিযোগ উত্থাপন হয় যে অধিকাংশ নাৰীয়ে প্ৰেম যিমানেই কৰক লাগে যদি প্ৰেমিকৰ টকা-পইচা কম থাকে তেন্তে এজন ধনী মানুহৰ সৈতে বিয়া হৈ গুচি যায়। এয়া এক প্ৰকাৰ নাৰী সমাজৰ প্ৰতি থকা অপবাদ বুলিয়েই ক’ব লাগিব। এই অভিযোগ তথা অপবাদকে মিছা প্ৰমাণিত কৰিলে এগৰাকী মহিলাই! মধ্যপ্ৰদেশৰ ইন্দোৰৰ এগৰাকী মহিলাই কোটিপতি স্বামীক এৰি পলাই গ’ল এজন অটো চালকলৈ।

৪৫ বছৰীয়া মহিলাগৰাকী তেওঁতকৈ ১৩ বছৰৰ সৰু এজন যুৱকলৈ পলাই যায়। যুৱকজনে অটো চলায়। পলাই যোৱাৰ সময়ত মহিলাগৰাকীয়ে ঘৰৰ পৰা ৪৭ লাখ টকা লৈ যায় আৰু যিমান গহনা আছিল সকলোখিনি লৈ যায় লগত। স্বামী কামৰ পৰা ঘৰলৈ আহি পত্নীক নেদেখি বিচাৰ খোচাৰ কৰে।

আৰু পঢ়কঃ জনী লিভাৰঃ মজদুৰৰ পৰা তাৰকা হোৱা এক বৰ্ণিল যাত্ৰা

ঘৰৰ পৰা ৪৭ লাখ টকা, সকলোখিনি অলংকাৰ নোহোৱা হোৱাৰ কথাও স্বামীৰ চকুত পৰে। তেওঁ লগালগ থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে মহিলা গৰাকীৰ অটোচালকজনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল আৰু তেওঁৰ লগতে মহিলাগৰাকী পলাই গৈছে। আৰক্ষীয়ে তেওঁক উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে যদিও সক্ষম হোৱা নাই। মহিলাগৰাকী আৰু অটোচালক দুয়োৰে মোবাইল ফোন ট্ৰেকিং কৰা হৈছে যদিও এই পৰ্যন্ত কোনো সফলতা লাভ কৰা নাই আৰক্ষীয়ে। কোটিপতি স্বামীক এৰি পত্নী কিয় এজন সাধাৰণ অটোচালকলৈ পলাই গ’ল সেই প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে ওচৰ-চুবুৰীয়া।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular